NORTHEAST NOW (Assamese)
অসম

লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2022 10:44 am

বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ গুৱাহাটী হেল্থ চিটি হাস্পাতালত নিশা ১.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।

 দীৰ্ঘদিন ধৰি ব্রেইন ষ্ট’কত ভুগি আছিল ড০ প্রবীণ চন্দ্র দাস।

অসমৰ লোক সংস্কৃতিৰ একনিষ্ঠ সাধক ডঃ প্ৰবীণ চন্দ্ৰ দাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতি জনপ্ৰিয় আৰু অভিভাৱক স্বৰূপ আছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক, ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকৰ লগতে বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব হিচাপেও ডঃ দাসে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থও ৰচনা কৰি গৈছে। বন বিৰিণাৰ ছাত, বসন্তৰ বাউলী বোকোচাত, সেউজ মনৰ দিন, সমাজ, সাহিত্য আৰু সংস্কৃতি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। 

মৃত্যুৰ সময়ত তেওঁ দুগৰাকী পুত্ৰ-বোৱাৰী আৰু এটা নাতি ল’ৰাক এৰি থৈ গৈছে।

ডঃ দাসৰ মৃত্যুত তেওঁৰ অজস্ৰ গুণমুগ্ধ ছাত্ৰ-ছাত্ৰী আৰু বন্ধুবৰ্গই গভীৰ শোক প্ৰকাশ কৰিছে।