NORTHEAST NOW (Assamese)
অসম

কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী গোকুল পাঠকৰ মহাপ্ৰয়াণ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস May 10, 2020 11:04 pm

কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী তথা বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক গোকুল পাঠকৰ আজি নিশা প্ৰায় ৮.৩০ বজাত মহাপ্ৰয়াণ ঘটে।

“বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে বাৰ্ধক্যজনিত ৰোগত ভূগি থকাৰ লগতে কেইদিনমান পূৰ্বে নিজ গৃহত পিছলি পৰি আঘাতপ্ৰাপ্ত হৈছিল।

বিগত কিছুদিন ধৰি বৰপেটাৰ মহীৰূহ গৰাকীয়ে জেইলৰোডস্থিত নিজ গৃহত শয্যাশায়ী হৈ আছিল।

বৰপেটা চহৰৰ ব্যক্তিগত চিকিৎসালয় “অংকুৰাম হাস্পতাল” কৰ্তৃপক্ষই পাঠকৰ সম্পূৰ্ণ চিকিৎসা ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতিৰে যোৱা শুকুৰবাৰে “অংকুৰাম হাস্পতাল”ত তেওঁক ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰিছিল।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ চিকিৎসা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰাৰ লগতে আজি পুৱাৰ ভাগত পাঠকৰ নাতি নাৰায়ণ পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে পাঠকৰ স্বাস্থ্যৰ খবৰ লয়।

জিলা উপাযুক্ত মুনীন্দ্ৰ শৰ্মাই চৰকাৰৰ নিৰ্দেশত পাঠকৰ স্বাস্থ্যৰ খবৰ লৈ আছিল যদিও আজি নিশা ৮.৩০ বজাত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটাৰ মহীৰূহ গৰাকীয়ে।

উল্লেখ্য যে, ১৯২৬ চনৰ ১৪ অক্টোবৰত বৰনগৰৰ আমগুৰিৰ সাপনা গাঁৱত জন্মগ্ৰহণ কৰা গোকুল পাঠকে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ লগ লাগি সৰভোগৰ ব্ৰিটিছৰ সামৰিক ঘাঁটি জ্বলাই দিছিল।

বিষ্ণু ৰাভাৰ সৈতে লগ লাগি গোকুল পাঠকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ হকে বহু বিপ্লৱী কাৰ্য সংঘটিত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ শিল্পী, সাংবাদিক, সাহিত্যক, প্ৰৱন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, গীতিকাৰ, গায়ক, লোক সংগীতৰ ধাৰক-বাহক আদি হিচাপে সেৱা আগবঢ়াইছিল।

“বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈ “আমাৰ দেশ” কাকতখনৰ লগত জড়িত হৈ থাকে।

ইয়াৰ সমান্তৰালভাৱে তেওঁ “ৰূপান্তৰ” নামৰ আলোচনী এখনৰ সম্পাদনাত ব্ৰতী হয়। এই আলোচনীখন তেওঁ ১৯৬১ চনৰ পৰা ৬৭ চনলৈ সম্পাদনা কৰে।

ইয়াৰ পিছত তেওঁ বহুকেইখন মল্যবান গ্ৰন্থ, নাটক আদি ৰচনা কৰে।

অসম চৰকাৰৰ শিল্পী পেঞ্চন, বিষ্ণুৰাভা বঁটা লাভ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বঁটা আৰু সন্মান লাভ কৰা পাঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগতে তেওঁৰ গুনমুগ্ধসকলে শোকত ভাগি পৰে।

তেওঁৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।