NORTHEAST NOW (Assamese)
অসম

এইমছত ভৰ্তি প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2020 10:40 pm
Former PM Manmohan Singh admitted to AIIMS, Delhi

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙক দেওবাৰে সন্ধিয়া দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে।

বুকুত হঠাৎ বিষ অনুভৱ কৰা বাবে প্ৰাক্তন প্ৰধান মন্ত্ৰীজনক সন্ধিয়া প্ৰায় ৮.৪৫ বজাত চিকিৎসালয়খনৰ কাৰ্ডিঅ’-থ’ৰাচিক ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে।

খবৰ মতে, অসমৰ প্ৰাক্তন সাংসদজনক আই চি ইউত ভৰ্তি কৰোৱা হোৱা নাই।

২০০৯ চনত একেখন চিকিৎসালয়তে সিঙৰ এটা কৰ’নেৰি বাইপাছ ছাৰ্জাৰি সম্পন্ন কৰা হৈছিল।

বিশ্বখ্যাত অৰ্থনীতিবিদজনৰ বৰ্তমান বয়স ৮৭ বছৰ।

সবিশেষৰ বাবে অপেক্ষা কৰা হৈছে।