NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ চতুৰ্থ উচ্চতম শৃংগত অসমীয়াৰ ধ্বজা গামোচা উৰুৱালে দুই যুৱকে

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 2, 2019 10:52 am

বিশ্বৰ অন্যতম চতুৰ্থ উচ্চতম শৃংগ কিলিমাঞ্জাৰোত অসমীয়াৰ ধ্বজা গামোচা উৰুৱালে সক্ষম হয় দুই অসমীয়া যুৱকে।

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চাংসাৰিৰ গৌৰীপুৰৰ নিৱাসী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৬ হেজাৰ মিটাৰ উচ্চতাত অৱস্থিত কিলিমাঞ্জাৰো শৃংগ চাৰিদিনৰ ভিতৰত সফলতাৰে আৰোহণ কৰি গামোচা উৰুৱাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে পৃথিৱীৰ চতুৰ্থ উচ্চতম শৃংগ হিচাপে পৰিচিত আফ্ৰিকাৰ কিলিমাঞ্জাৰো শৃংগটো সাগৰৰ পৃষ্ঠৰ পৰা প্ৰকৃত দূৰত্ব হ’ল ৫,৮৯৫ মিটাৰ অথবা ১৯,৩৪১ ফুট। শিলাময় আৰু বৰফেৰে ঘেৰি থকা শৃংগটো আৰোহণ কৰিবলৈ দুই অসমীয়া যুৱকক সময় লাগিছিল চাৰি দিন।

মন কৰিব লগীয়া যে দুই অসমীয়া যুৱকে শৃংগটো আৰোহণ কৰাৰ সময়ত উষ্ণতা আছিল মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছ। আনহাতে তেওঁলোকৰ এই সাফল্যত জালুকবাৰীবাসী উৎফুল্লিত হৈ পৰিছে।