NORTHEAST NOW (Assamese)
অসম

পু্ত্ৰৰ পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ নষ্ট কৰি ৫৫ লাখ টকাৰ ক্ষতিপূৰণ ভৰিলে এহাল পিতৃ-মাতৃয়ে, ক’ত এই ঘটনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 1:07 pm
a son-sues-parents-87k-

পৰ্ণ ভিডিঅ’ চোৱাত অভ্যস্ত পুত্ৰ।

পুৱতি নিশালৈকে লেপটপত কেৱল চাই থাকে পৰ্ণ ভিডিঅ’।

সেয়ে শাৰীৰিক,মানসিক ভাবে ক্ষতিৰ সন্মুখীন হৈছিল পুত্ৰ।

পুত্ৰৰ এনে অৱক্ষয় সহ্য কৰিব নোৱাৰি পিতৃ-মাতৃয়ে এদিন ধ্বংস কৰি পেলালে পুত্ৰৰ সকলো পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ।

এই কথা জানিব পাৰি খঙত অগ্নিশৰ্মা হৈ পৰিল পুত্ৰ।

খঙৰ ভমকত ন্যায় বিচাৰি পুত্ৰ পালেগৈ আদালতৰ মজিয়া।

আমেৰিকাৰ মিছিগানৰ ঘটনা এয়া।মিছিগানৰ আদালতত পুত্ৰই তেওঁৰ বহু দিনৰে পৰা সযতনে ৰখা পৰ্ণ ভিডিঅ’ৰ সংগ্ৰহ নষ্ট কৰি পেলোৱা বাবে পিতৃ-মাতৃৰ পৰা ৭৫ হাজাৰ ডলাৰৰ ক্ষতিপূৰণ বিচাৰি আদালতত গোচৰ তৰিলে।

মিছিগানৰ ডেভিড ৰেকিংয়েৰ নামৰ যুৱকজনৰ গোচৰটোকলৈ বেছ কিছুদিন শুনানি চলিল।

ডেভিডৰ সংগ্ৰহত আছিল ১৬০৫ খন পৰ্ণ ভিডিঅ’ৰ ডিভিডি।

এই আটাইখিনিয়েই ধ্বংস কৰিছিল তেওঁৰ পিতৃ-মাতৃয়ে।

অৱশেষত মিছিগানৰ আদালতে ডেভিডে তৰা গোচৰ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰে।

আদালতে এই বুলি ৰায় দিয়ে যে কাৰোৱাৰ সংগ্ৰহত থকা বস্তু গৰাকীৰ সন্মতি অবিহনে নষ্ট কৰি ডেভিডৰ পিতৃ-মাতৃয়ে অপৰাধ কৰিছে।

সেইবাবে ডেভিডে বিচৰা ধৰণেই ৭৫ হাজাৰ ডলাৰৰ ক্ষতিপূৰণ আদায় দিবলৈ আদালতে পিতৃ-মাতৃক নিৰ্দেশ দিয়ে।

ক্ষতিপূৰণৰ এই ধনৰ পৰিমাণ ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ৫৫,২০,৭৫০ টকা হব।

আদালতৰ এই ৰায়ৰ পিছত এতিয়া মূৰত সৰগ ভাগি পৰিছে যুৱক জনৰ পিতৃ-মাতৃৰ। ইয়াকে কয় উপকাৰীক অজগৰে খায়।