NORTHEAST NOW (Assamese)

সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসান

November 12, 2018 10:18 am · এন ই নাও নিউজ
Updated: November 12, 2018 10:19 am

অসমীয়া ভাষা-সাহিত্যৰ বিশিষ্ট সাধক সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ আজি দেহাৱসান ঘটে। আজি পুৱা প্ৰায় ৪.৪৫ বজাত বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ গৰাকীয়ে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে ৯৩ বৰ্ষীয় ভট্টাচাৰ্য বিগত কেইবাদিনো ধৰি অসুস্থ হৈ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

লোক সংস্কৃতিৰ গৱেষক ভট্টাচাৰ্যই বিশেষকৈ বড়ো ভাষাৰ বাবে যথেষ্ট অৱদান আগবঢ়াই গৈছে। যাৰ বাবে তেওঁলৈ বড়োসকলৰ সৰ্বশ্ৰেষ্ঠ সন্মান উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছিল।

তেওঁৰ মৃত্যুত ৰাজ্যৰ মুখ্য মন্ত্ৰীকে ধৰি অসম সাহিত্য সভা তথা বিভিন্ন জাতিয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব লগা বিশিষ্ট গৱেষকগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

Related News