NORTHEAST NOW (Assamese)

অৱহেলা! কিহৰ দুখত বিজেপি এৰিলে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে?

October 8, 2023 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 8, 2023 2:52 pm

ওলোটাকৈ ঘূৰিছে সময়ৰ চকৰী। ইজনৰ পিছত সিজনকৈ দলীয় কাম-কাজত অসন্তুষ্ট হৈ ত্যাগ কৰিছে বিজেপি দল। 

এইবাৰ অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ত্যাগ কৰিছে শাসকীয় বিজেপি দল। 

বিজেপিৰ নেতা-কৰ্মী সকলে তেওঁক অগ্ৰাহ্য আৰু অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি ত্যাগ কৰিছে বিধায়কগৰাকীয়ে। 

উল্লেখ্য যে অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২০ চনৰ নৱেম্বৰ মাহত ইমানুৱেল মোছাহাৰীয়ে বিজেপিত যোগদান কৰিছিল। 

খবৰ অনুসৰি, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বডোলেণ্ড পিপলছ ফ্ৰণ্টত পুনৰ যোগদান কৰাৰ সম্ভাৱনা আছে মোছাহাৰীয়ে।

এইদৰে এতিয়া নেতাগৰাকীয়ে দল ত্যাগ কৰাৰ পিছতেই যেন ধুমুহাৰ সৃষ্টি হৈছে বিজেপি দলৰ মাজত। 

Related News