NORTHEAST NOW (Assamese)

অসমৰ কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

January 29, 2020 10:01 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমৰ নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ খালী কৰিবলৈ নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়াই দিয়া নিৰ্দেশটোত সাময়িকভাৱে স্থগনাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

কল দুটাৰ কৰ্মচাৰীসকলে আদালতখনত এই নিৰ্দেশটোৰ বিৰুদ্ধে এখন আৱেদন দাখিল কৰিছিল আৰু তাৰ শুনানি লৈ ২৮ জানুৱাৰিত সংশ্লিষ্ট বিচাৰপীঠে এই স্থগনাদেশ জাৰি কৰিছে।

বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ প্ৰমাণ কৰি কল দুটাৰ নিলাম নিশ্চিত হোৱাৰ পিছত কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ ৩১ জানুৱাৰিৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

ৰাজ্য চৰকাৰে তেওঁলোকে আৱাসগৃহ ত্যাগ কৰিব নালাগে বুলি আশ্বাস দিয়ে যদিও এই নিৰ্দেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখন আইনৰ কাষ নাচাপিল।

অহা ২৫ ফেব্ৰুৱাৰিত গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব আৰু সেই পৰ্য্যন্ত কৰ্মচাৰীসকলক ঘৰ খালী কৰিবলৈ বাধ্য কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে।

আনহাতে কৰ্মচাৰীসকলক প্ৰাপ্য ধন আদায় নিদিয়াতো বিস্ময় প্ৰকাশ কৰে বিচাৰপীঠখনে।

জানিব পৰামতে, ২৫ ফেব্ৰুৱাৰিৰ শুনানিত ভৱিষ্যনিধি আয়োগৰ প্ৰতিনিধিকো উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে আদালতে।

Related News