NORTHEAST NOW (Assamese)
অসম

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কাম কৰিও পোৱা নাই দৰমহা; ৩ অক্তোবৰত প্ৰতিবাদী কাৰ্যসূচী

Posted by: এন ই নাও নিউজ September 30, 2018 4:46 pm
Public Health Engineering Assam

দীৰ্ঘদিন ধৰি চাকৰি কৰি অহাৰ পিছতো প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলে অহা ৩ অক্তোবৰত দিচপুৰ লাষ্টগেটত প্ৰথমবাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।

আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত সমন্বয় সমিতিৰ আহ্বায়ক বিকাশ দেই এই কথা সদৰী কৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিৰ অধীনত ৰাজ্যত ৭,৯৬১ গৰাকী কৰ্মাচাৰীয়ে বিনা দৰমহাৰে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘২০১৪ চনতহে মাথো জানুৱাৰি আৰু ফেব্ৰুৱাৰি দুটা মাহৰ বাবে মাত্ৰ ১০ হাজাৰ টকা দিছিল আৰু পাছৰ চাৰিমাহ মিলাই একেলগে ২০ হাজাৰ টকা মাননী হিচাপে চৰকাৰৰ ফালৰ পৰা দিছিল।‘

বহু কষ্টৰে আনকি বিভিন্ন সময়ত কৰ্মচাৰীসকলে নিশা বহু দেৰিলৈকে নতুবা ওৰে নিশা উজাগৰে থাকি কাম কৰাৰ পিছতো প্ৰাপ্য দৰমহাৰ অভাৱত পৰিয়াল পোহপাল দিয়াৰ বাবে দিনৰভাগত কৰ্মচাৰীসকলে দিন হাজিৰা কৰিবলগা হৈছে বুলি তেওঁ উল্লেখ কৰে।

সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীক কৰ্মচাৰীসকলৰ প্ৰাপ্য মজুৰি দিয়াৰ দাবী জনোৱাৰ উপৰিও ১০,৫০০ টকাকৈ মাহিলী দৰমহা দিয়াৰ দাবী উত্থাপন কৰে।

আনহাতে, এইক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া কমিটিখনেও কৰ্মচাৰীসকলক দিবলগীয়া ধন নিদিয়াৰ অভিযোগ তুলি তেওঁ লগতে কয়, ‘২০১৩ চনতে চৰকাৰে মাহিলী হিচাপত মাহে ৫ হাজাৰ টকাৰ টকা দিবৰ বাবে নিৰ্দেশ দিছিল যদিও মাত্ৰ ৩ হাজাৰ টকাহে দিয়ে কমিটিখনে।‘

উল্লেখযোগ্য প্ৰাপ্যৰ দাবীত তেওঁলোকে ইতিপুৰ্বে মুখ্য মন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জনাই ইয়াৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইসকল কৰ্মচাৰীয়ে এতিয়া প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে।