NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ ধিঙৰ পৰা মাৰাণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ

Posted by: মিণ্টু দাস September 30, 2018 5:29 pm
54e2f468-6c46-4070-a344-c2a7e21794a9

অবৈধ মাৰাণাস্ত্ৰৰ ঘাটি হৈ পৰা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক অভিযানত সফলতা অৰ্জন কৰাৰ পিছত আজিও আৰক্ষীয়ে অবৈধ মাৰাণাস্ত্ৰৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে আজি জিলাখনৰ ধিং অঞ্চলৰ পৰা মাৰাণাস্ত্ৰৰ সৈতে উক্ত লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এটা ৭.৬৫ পিস্তল, ২ জাঁই সক্ৰিয় গুলি, এটা মেগজিন সহ লোক জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম ইনামূল হক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ১৮ ছেপ্তেম্বৰৰ নিশা নগাঁৱত সংঘটিত এক গুলীচালনাৰ ঘটনাৰ সৈতে ধৃত ইনামূল হক জড়িত থকা বুলি নগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। বৰ্তমান ধৃত ইনামূলৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্যযোগ্য যে এইদৰে জিলাখনত প্ৰায়ে বিভিন্ন ধৰণৰ মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে জিলাখনৰ সচেতন মহলক।