NORTHEAST NOW (Assamese)
দেশ

গেংষ্টাৰ লৰেন্স বিষ্ণৈ গেঙৰ সদস্যৰ সৈতে দিল্লী আৰক্ষীৰ সংঘৰ্ষ: তিনি সদস্যক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2022 8:10 pm
Encounter Lawrence Bishnoi gang

দুৰ্ধৰ্ষ গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটৰ সৈতে কিছুসময় পূৰ্বে দিল্লীৰ ৰোহিণী অঞ্চলৰ চেক্টৰ ৩৬ ত দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটি দল সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষস্থলীত পৰস্পৰৰ মাজত হোৱা গুলীচালনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত।

সংঘৰ্ষত এগৰাকী আৰক্ষী বিষয়াৰ বুকুত গুলী লাগে যদিও পিন্ধি থকা বুলেট প্ৰুফ জেকেটৰ বাবে মৃত্যুমুখৰ পৰা ৰক্ষা পৰে বিষয়া গৰাকী।

এই এনকাউণ্টাৰৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। তিনিওজন লৰেন্স বিষ্ণৈ আৰু গ’ল্ডি ব্ৰাৰৰ দলৰ সদস্য বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখ্য যে যোৱা ২৯ মে’ত সংঘটিত জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালাৰ হত্যাৰ মূল অভিযুক্ত হৈছে লৰেন্স বিষ্ণৈ আৰু গ’ল্ডি ব্ৰাৰ। ইতিমধ্যে গেংষ্টাৰদ্বয়ে মুছেৱালা হত্যাৰ দায়িত্বও স্বীকাৰ কৰিছে।

যোৱা ২০ আগষ্টতো পঞ্জাৱৰ ভাৰত-পাকিস্তান আটাৰী সীমান্তৰ কাষত পঞ্জাৱ আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছিল বিষ্ণৈ গোটৰ সদস্যৰ। এই এনকাউণ্টাৰত আৰক্ষীৰ গুলীত দুগৰাকী গেংষ্টাৰ নিহত হৈছিল।