NORTHEAST NOW (Assamese)

কাজিৰঙাত ২৭ নবেম্বৰৰ পৰা তিনি দিনীয়াকৈ সম্পন্ন কৰা হ’ব দল হৰিণৰ পিয়ল

November 19, 2018 2:45 pm · উত্তম শইকীয়া
Updated: November 19, 2018 2:56 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত মাহৰ ২৮ আৰু ২৯ নবেম্বৰত দল হৰিণৰ পিয়ল সম্পন্ন কৰা হ’ব ৷ বিশ্বৰ অতি বিৰল প্ৰজাতি বুলি চিহ্নিত এই দল হৰিণৰ প্ৰজাতিটোক পূৰ্বাঞ্চলীয় দল হৰিণ বুলি জনা যায় আৰু বিশ্বৰ ভিতৰত অকল কাজিৰঙাতহে এই হৰিণ দেখিবলৈ পোৱা যায়৷ চলিত বৰ্ষৰ ২৭ নবেম্বৰৰ দিনা পিয়লকাৰীসকলৰ প্ৰশিক্ষণৰ পাচত ২৮ নবেম্বৰত দল হৰিণ থকা কাজিৰঙাৰ ২৪ টা কম্পাৰ্টমেন্টত একে লগে দল হৰিণৰ পিয়লকৰা হব৷

২৮ নৱেম্বৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা কম্পাৰ্টমেন্টত হোৱা পিয়লত সংগৃহীত সমগ্ৰ তথ্য ২৯ নবেম্বৰত বিশ্লেষণ কৰি কাজিৰঙাৰ পূৰ্বঞ্চলীয় দল হৰিণৰ সমীক্ষা প্ৰকাশ কৰা হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে৷

উল্লেখ্য যে ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ যোৱা অন্তিম পিয়লত মুঠ ১১৪৮ টা দল হৰিণ পেৱা গৈছিল৷ ইয়াৰে ২৮৪ টা মতা,  ৬০৪ জনী মাইকী, ১৭৬ টা পোৱালী আৰু ৮৪ টা এবছৰৰ তলৰ পোৱালী দল হৰিণ পোৱা গৈছিল৷ ইয়াৰ আগতে ২০১২ চনত কাজিৰঙাত মুঠ ১১২৯ টা দল হৰিণ পোৱা গৈছিল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭ দল হৰিণৰ পিয়ল নোহোৱাৰ উপৰিও বানপানীয়ে ৰাষ্ট্ৰীয় উদ্যানকৈ প্লাৱিত কৰিছিল ৷ যাৰ বাবে এই বাৰৰ দল হৰিণৰ পিয়ল অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ মন কৰিব লগীয়া যে অতি বিৰল এই দল হৰিণৰ প্ৰজাতিটো সুৰক্ষা প্ৰদান আৰু ৰাজ্যত ইয়াৰ জনসংখ্যা বিতৰণৰ নতুন আৱাস সৃষ্টিৰ বাবে শেষতীয়াকৈ কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈও  ১৯টা দল হৰিণ নিয়া হৈছে৷

Related News