NORTHEAST NOW (Assamese)
দেশ

কেজৰিৱালৰ বাসগৃ্হত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ দলঃ তালাচী অব্যাহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2024 8:05 pm
Arvind Kejriwal ED

সুৰা নীতিৰ কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বাসগৃ্হত উপস্থিত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ এটা দল।

চাৰ্চ ৱাৰেণ্টসহ ১২ জন বিষয়াৰ এটা দলে কেজৰিৱালৰ বাসগৃহত প্ৰৱেশ কৰি তালাচী অভিযান অব্যাহত ৰাখিছে।

দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কেইঘণ্টামানৰ পিছতে ইডিয়ে এই অভিযান চলাইছে।

সুৰা নীতিৰ কথিত কেলেংকাৰীৰ গোচৰত ইডিয়ে কেজৰিৱালক ৮ বাৰকৈ চমন জাৰি কৰাৰ পিছতো কেজৰিৱালে প্ৰতিবাৰেই চমন অগ্ৰাহ্য কৰি আহিছে।  

সোমবাৰে তেওঁ দিল্লী জল ব’ৰ্ডত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সংস্থাটোৱে জাৰি কৰা চমনো অগ্ৰাহ্য কৰিছে।

সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি কেজৰিৱালে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যদিও আদালতে তেওঁক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।

আদালতে অৱশ্যে কেজৰিৱালৰ আবেদনৰ উত্তৰ দিবলৈ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক নিৰ্দেশ দিয়ে আৰু বিষয়টো ২২ এপ্ৰিললৈ তালিকাভুক্ত কৰে।

দিল্লী উচ্চ ন্যায়ালয়ে লগতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক কেজৰিৱালৰ বিৰুদ্ধে থকা প্ৰমাণ দাখিল কৰিবলৈও  নিৰ্দেশ দিয়ে।