NORTHEAST NOW (Assamese)
Popular Stories

মহামাৰিৰ বাবে ১৬৬ কোটিৰো অধিক আৰ্থিক লোকচানৰ সম্মুখিন ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2021 3:28 pm

কৰোণা মহামাৰিৰ বাবে বৃহৎ আৰ্থিক লোকচানৰ সম্মুখিন হৈছে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড।

ব’ৰ্ডে প্ৰকাশ কৰা তথ্যানুসৰি, ২০২০ চনত এই লোকচানৰ পৰিমাণ প্ৰায় ১৬৬ কোটি ৭০ লাখ ৩০ হাজাৰ টকা।

মহামাৰিৰ পূৰ্বে ব’ৰ্ডে ‘দা হাণ্ড্ৰেড’ নামৰ এটা নতুন ক্ৰিকেট লীগৰ বাবে প্ৰচুৰ টকা বিনিয়োগ কৰিছিল।

কিন্তু মহামাৰিৰ বাবে সেই লীগ স্থগিত ৰাখিবলগা হৈছে।

যাৰ ফলত বিনিয়োগ কৰা টকাখিনি লোকচান হৈছে।

তদুপৰি জৈৱ সুৰক্ষা বলয় তৈয়াৰ কৰোতেও ব’ৰ্ডে আৰ্থিক বোজা কঢ়িয়াব লগা হৈছে।

উল্লেখযোগ্য যে ইংলেণ্ডৰ সকলোধৰণৰ ক্ৰীড়াক্ষেত্ৰৰ সামগ্ৰিক লোকচানৰ পৰিমাণৰ ১০৩৫ কোটি টকাৰো অধিক।

গ্ৰীষ্মকালত আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাসমূহ আয়োজন কৰিব নোৱাৰিলে এই অৱস্থা অধিক বেয়ালৈ ঢাল খাব।

ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে যে এই আৰ্থিক ক্ষতিয়ে দেশখনৰ ক্ৰিকেটৰ ভৱিষ্যতক সমস্যাত পেলাব পাৰে।

এই গ্রীষ্মে জো রুটরা খেলবেন নিউজিল্যান্ড, শ্রীলঙ্কা, পাকিস্তান এবং ভারতের বিরুদ্ধে। ইংল্যান্ডের মেয়েদের দল খেলবে ভারত এবং নিউজিল্যান্ডের বিরুদ্ধে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ গ্ৰীষ্মকালত ইংলেণ্ডে নিউজিলেণ্ড, শ্ৰীলংকা, পাকিস্তান আৰু ভাৰতৰ বিৰুদ্ধে শৃংখলাত অৱতীৰ্ণ হ’ব।

ব’ৰ্ডে আশা কৰিছে যে খেলপথাৰত দৰ্শকেৰে ভৰি পৰিব আৰু আৰ্থিক লাভৰ সম্মুখিন হ’ব।