নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

সোমবাৰে নাগালেণ্ডৰ চুমুকেডিমা জিলাৰ চখুভি গাঁৱৰ সমীপত আসাম ৰাইফলছৰ এটা কনভয়ত সংঘটিত হোৱা এক ভয়ংকৰ আই ই ডি বিস্ফোৰণত তিনিগৰাকী জোৱান ছহীদ হোৱাৰ লগতে আন কেইবাগৰাকীও জোৱান আহত হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, অচিনাক্ত দুৰ্বৃত্তই চলন্ত কনভয়টোলৈ লক্ষ্য কৰি আই ই ডি নিক্ষেপ কৰাৰ ফলতেই এই শক্তিশালী বিস্ফোৰণটো সংঘটিত হয়।
বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘটনাস্থলীতে তিনিগৰাকী জোৱানৰ মৃত্যু হয়। ঘটনাৰ লগে লগে আহত জোৱানসকলক চিকিৎসাৰ বাবে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে যোৱা এসপ্তাহৰ ভিতৰত জিলাখনত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি চলোৱা এইটো হৈছে দ্বিতীয়টো আই ই ডি আক্ৰমণ। শেহতীয়া অঞ্চলটোত উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ দিশটোৰ প্ৰতি নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।
এই আক্ৰমণৰ পিছতে কীৰ্তি চক্ৰ বঁটাপ্ৰাপক অৱসৰপ্ৰাপ্ত সেনা বিষয়া মেজৰ দিগ্বিজয় সিং ৰাৱটে সামাজিক মাধ্যমত এক পোষ্ট যোগে এই ঘটনাৰ আঁৰত নেচনেল ছচিয়েলিষ্ট কাউঞ্চিল অফ নাগালেণ্ড (ইছাক-মুইভা) চমুকৈ এন এছ চি এন-আই এম জড়িত থকা বুলি দাবী কৰিছে। এক্স হেণ্ডেলত কৰা পোষ্টটোত তেওঁ লিখে যে চুমুকেডিমাত আসাম ৰাইফলছৰ কনভয়ৰ ওপৰত এন এছ চি এন-আই এমৰ দ্বাৰা এসপ্তাহৰ ভিতৰত এইটো দ্বিতীয়টো আই ই ডি বিস্ফোৰণ। তেওঁ লগতে অভিযোগ কৰে যে পূৰ্বতেও নিৰাপত্তাৰক্ষীৰ ওপৰত চলোৱা বহু আক্ৰমণত সংযুক্ত মুক্তি বাহিনী, অসম (আলফা) আৰু এন এছ চি এমে একেলগে কাম কৰি আহিছে।
অৱশ্যে, এই আক্ৰমণত কোনো বিদ্ৰোহী গোটৰ জড়িত থকাৰ বিষয়ে এতিয়ালৈকে চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ পোৱা নাই। লগতে, কোনো সংগঠনে বৰ্তমানলৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অপৰাধীসকলক কৰায়ত্ত কৰাৰ উদ্দেশ্যে আসাম ৰাইফলছ আৰু ডিমাপুৰ আৰক্ষীয়ে যৌথভাৱে এক বৃহৎ তালাচী অভিযান আৰম্ভ কৰিছে। ঘটনাটোৰ সন্দৰ্ভত বৰ্তমান উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে আৰু পৰৱৰ্তী সময়ত কৰ্তৃপক্ষৰ পৰা অধিক সবিশেষ লাভ কৰাৰ আশা কৰা হৈছে।