“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

সেইফালে, দিল্লীৰ যন্তৰ মন্তৰত, ভাৰতৰ শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰা সোনম ৱাংচুকৰ অনশনে আজি ১৬ দিনত ভৰি দিছে। ইফালে ইয়াত কালি পুলিচে প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰিছে। কিয় গ্ৰেপ্তাৰ কৰিছে জানে নে? কিয় কাজিৰঙাৰ ইংলে পথাৰত তাৰ স্থানীয় মহিলা আৰু যুৱকসকলে কি কৈছে? তাৰ মাজতে আমাৰ মহামহিম মন্ত্ৰীসকলে কি কৰি আছে চাওক?
মহাকাশ প্ৰযুক্তিৰ দ্বাৰা শ শ, হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ৰাস্তাবোৰৰ অৱস্থা চাওক। এইটো দিল্লী-ডেৰাডুন ঘাইপথ। আৰু এইটো হ’ল মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ শেহতীয়াকৈ মুকলি কৰা “মিচিং লিংক” (Missing Link) ৬,৬৯৫ কোটি টকীয়া প্ৰকল্প। মাত্ৰ ন সপ্তাহ আগতে উদ্বোধন কৰা এটা ৰাস্তা! বিহাৰৰ দলংবোৰৰ কথা নকওৱেই বাৰু। বিহাৰ কিয়, আমাৰ ইয়াত মানুহ মৰা নাই জানো জি এন বি ৰোডৰ উৰণীয়া সেতুত? এতিয়া খবৰ আহিছে যে কালি জুবিন ক্ষেত্ৰৰ পৰা খানাপাৰা আহি পাওঁতে হেনো মানুহক ৮/১০ ঘণ্টা সময় লাগিছিল।
সেইফালে প্ৰধানমন্ত্ৰীয়েতো দেশে দেশে সন্মান লৈ ঘূৰিয়েই ফুৰিছে। আকৌ ৰামৰ নামত ৰাম মন্দিৰত কোনে হাজাৰ হাজাৰ কোটি টকা চুৰি কৰিছে? এইবোৰৰ মাজতে, আমি সাধাৰণ মানুহবোৰে উন্নয়নৰ ধুমুহাত হাবুডুবু খাই আছোঁ। আহক আমি আকৌ প্ৰণৱহঁতৰ কাষত থিয় দিয়া, ইংলে পথাৰৰ মানুহখিনিৰ ওচৰলৈ যাওঁ। এওঁলোকক ক’ৰ পৰা কেতিয়া কেনেকৈ অনা হৈছিল? এওঁলোকৰ পূৰ্বপুৰুষক প্ৰায় ২০০ বছৰ আগতে, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সোণৰ অসমৰ সপোন দেখুৱাই, আভুৱা ভাৰি চাহ বাগানত কাম কৰিবলৈ লৈ অহা হৈছিল। আনিছিল ব্ৰিটিছে। জাহাজত ভৰি দিয়িয়েই তেওঁলোকে চৰ্দাৰৰ চাবুকৰ কোব খাইছিল। তেতিয়াই তেওঁলোকে গম পাইছিল তেওঁলোকক ক’লৈ লৈ অহা হৈছিল।
সেই তেতিয়াৰে পৰা এতিয়ালৈকে তেওঁলোক ডলাৰ বগৰীৰ দৰে ইফালৰ পৰা সিফালে বাগৰি ফুৰিছে। তেওঁলোক যে মানুহ, তেওঁলোকৰ যে কিবা এটা অস্তিত্ব আছে, সেইটো তেওঁলোকে উপলব্ধি কৰে একমাত্ৰ নিৰ্বাচনৰ সময়ত। ইংলে পথাৰৰ মহিলা আৰু যুৱকসকলৰ চকুৰ ফালে চাইছেনে আপোনালোকে? সেই ক্ষোভ, সেই চাৱনি আজিৰ নহয়। সেই ক্ষোভ শতিকাজোৰা বঞ্চনাৰ পুঞ্জীভূত ক্ষোভ। অতুল বৰাই কৈছে পঞ্চতাৰকা হোটেল তেওঁলোকৰ মাটিত নহয়, চৰকাৰী মাটিতহে হ’ব। কিন্তু তেওঁলোকৰ মাটি ক’ত? তোমালোকৰ বসুন্ধৰাৰ কি হ’ল? কিমানক মাটি দিলা বসুন্ধৰাৰ যোগেদি? তোমালোকৰ সকলোৰে মাটি-সম্পত্তি দিনক দিনে বাঢ়ি গৈ আছে। আৰু শতিকাৰ পিছত শতিকা জুৰি এওঁলোক ভূমিহীন হৈ আছে। এই ৰহস্যটো কি? মন্ত্ৰী, এম এল এ, মুখ্যমন্ত্ৰীৰতো কথাই নাই। যিফালেই মন মেলে সিফালেই তেওঁৰ মাটি, মাটিয়েই মাটি। য’তে বিচাৰে ত’তেই তেওঁলোকৰ মাটি। যাৰ নাই ক’তোৱেই নাই, যাৰ আছে সকলোতে আছে। কিন্তু এওঁলোকৰ মন্ত্ৰী, এম এল এ বোৰৰ বেছিভাগেই এসময়ত হাৱাই চেণ্ডেল চোচোৰাই ঘূৰি ফুৰিছিল। এতিয়া তেওঁলোকে কেৱল অট্টালিকা আৰু হেলিকপ্টাৰহে চিনি পায়। কেৱল কিটিপ শিকিছে নিৰ্বাচন জিকাৰ।
আপোনালোকে Guwahati Satellite City Development Authority Bill 2026 খন ভালদৰে পঢ়িব। তাৰ তিনিটা কথা বৰ দৰকাৰী:এক নম্বৰ: চৰকাৰে য’তেই মাটি অধিগ্ৰহণ কৰিব বিচাৰে, ত’তেই তেওঁলোকে মাটি অধিগ্ৰহণ কৰিব পাৰিব। দুই নম্বৰ: চৰকাৰে ব্যক্তিগত খণ্ডৰ লগ লাগি এই মাটিত যি মন যায় তাকে কৰিব পাৰিব। তিন নম্বৰ: চৰকাৰৰ এই কামত যিয়ে বাধা দিব, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল’ব পাৰিব। নামত এইখনক এতিয়া Guwahati Satellite City Development Authority Bill 2026 বুলি কৈছে। কিন্তু বিলখনতে লিখা আছে:The Bill provides for declaring ‘Satellite City Development Areas’ in Kamrup (Metropolitan) District and any other districts the Government may notify.” মনত ৰাখিব, “and any other districts the Government may notify” মানে চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই যিকোনো জিলা এই আঁচনিৰ ভিতৰত সুমুৱাই ল’ব পাৰিব। গতিকে কথাটো কি হ’ল? অসমৰ মাটি ব্যক্তিগত খণ্ডৰ বনিয়াক দি তাত হোটেল খুলিব, যি মন যায় তাকে খুলিব আৰু তাত এই মন্ত্ৰী, এম এল এ সকলৰ অংশ থাকিব। বাছ, সিমানেই। বিলখনত সকলো কথা খুলি কোৱাৰ প্ৰয়োজন নাই, তাত প্ৰভিজন থাকিলেই হ’ল। এতিয়া চাওক— অসমৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ যিয়ে ধন বিনিয়োগ কৰিব তেওঁলোকৰ কোনো সমস্যা নাই। মন্ত্ৰী, এম এল এৰ কোনো সমস্যা নাই। সমস্যা কাৰ? ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ আৰু পুলিচ-প্ৰশাসনৰ; আৰু প্ৰণৱ, আদিত্যহঁতৰ দৰে যিসকলে ক্ষতিগ্ৰস্তসকলৰ লগত থিয় দিছে তেওঁলোকৰ।
সাধাৰণ পুলিচবোৰ সাধাৰণ মানুহৰ দৰেই নহয় জানো? বঙহৰ মানুহকে বঙহৰ মানুহৰ বিৰুদ্ধে লগাই দিছে এওঁলোকে। কিয়, সকলোতে সেইটোকে কৰি থকা নাই জানো? হিন্দু, মুছলমান, মিঞা, অসমীয়া— কোনে কৰি আছে? এনেকৈ আমাকে আমাৰ বিৰুদ্ধে লগাই দি এওঁলোকে ৰাজত্ব কৰি আছে, নিৰ্বাচন জিকি আছে। আমাৰ বিৰুদ্ধে সকলো কৰি আছে। আমাৰ উপায় এটাই— আমি একগোট হৈ থিয় দিব লাগিব- আমি বুজিব লাগিব- মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।