NORTHEAST NOW (Assamese)

আইছিছত যোগদান কৰা উচিত ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ময়িন আলিয়ে! কোনে ক’লে?

April 7, 2021 4:55 pm · এন ই নাও নিউজ
Updated: April 7, 2021 4:57 pm

পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে জনপ্ৰিয় লেখিকা তছলিমা নাছৰিন।

৫ এপ্ৰিলত তছলিমাই এটা টুইট কৰিছিল যে যদি ময়িন আলীয়ে ক্ৰিকেটত মন বহুৱাব পৰা নাই, তেন্তে তেওঁ ছিৰিয়ালৈ গৈ ইছলামিক উগ্ৰপন্থী সংগঠন আইছিছত যোগদান কৰা উচিত।

 

পাছত তেওঁ টুইটটো ডিলিট কৰি আন এটা টুইটৰ যোগেৰে জনায় যে পূৰ্বৰ টুইটটো sarcastic আছিল।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ আইপিএলত ইংলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ ময়িন আলী চেন্নাই চুপাৰ কিংছৰ স’তে চুক্তিবদ্ধ হৈছে।

চেন্নাই চুপাৰ কিংছৰ জাৰ্চিত দলটো স্পনছ’ৰ কৰা এটা সুৰাৰ কোম্পানীৰ প্ৰতীক আছে আৰু ময়িন আলীয়ে নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে উক্ত প্ৰতীকটো পৰিধান কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল।

এই বিষয়ে দলৰ মেনেজমেণ্টক জনোৱাৰ পাছত মেনেজমেণ্টে তেওঁৰ জাৰ্চিৰ পৰা প্ৰতীকটো আঁতৰাই ৰাখে।

তাৰপাছতে ক্ৰিকেটাৰজনৰ এই কামক লৈ তছলিমাই বিতৰ্কিত মন্তব্য কৰে।

তছলিমাৰ টুইটটোৰ পাছতে ক্ৰিকেটাৰজনৰ বহুকেইজন সতীৰ্থই লেখিকাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে।

ইংলেণ্ড ক্ৰিকেট দলৰ তাৰকা জ’ফ্ৰা আৰ্চাৰ, চাকিব মেহমুদ আৰু চাম বিল্লীংছে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে।

ফাষ্ট বলাৰ জফ্ৰা আৰ্চাৰে তছলিমাৰ টুইটটোৰ ৰিপ্লাই দি সোধে- ”আপুনি ঠিকে আছেনে? মই নাভাবো যে আপুনি ঠিকে আছে!”

আনহাতে বেটছমেন চাম বিল্লীংছ আৰু চাকিব মেহমুদে তছলিমাৰ টুইটটোক ‘ধিক্কাৰজনক’ আখ্যা দিছে।

তদুপৰি চাম বিল্লীংছে সকলোলৈকে অনুৰোধ জনায় যে তছলিমাৰ একাউণ্টটো যাতে ‘ৰিপৰ্ট’ মৰা হয়।

উল্লেখযোগ্য যে ইংলেণ্ডৰ এগৰাকী বিশেষজ্ঞ অলৰাউণ্ডাৰ ময়িন আলিয়ে দেশখনৰ হৈ ৬১খন টেষ্ট, ১০৯খন এদিনীয়া আৰু ৩৪খন টি-২০ মেচত অংশগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰিছে।

Related News