NORTHEAST NOW (Assamese)

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

August 3, 2025 8:41 pm · এন ই নাও নিউজ, গুৱাহাটী

উন্নয়নৰ নামত অপৰিকল্পিত ভাবে প্ৰকৃতিৰ ধ্বংশ যজ্ঞ চলাইচে বিজেপি চৰকাৰে।  এইবাৰ চৰকাৰৰ কু দৃষ্টি পৰিছে কোকৰাঝাৰত। জিলাখনৰ ফকিৰাগ্ৰামত বনাঞ্চল ধ্বংসৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰকাশিত খবৰ অনুসৰি ফকিৰাগ্ৰাম পৌৰনিগমৰ ১৮ লাখ টকাৰ উন্নয়নমূলক প্ৰকল্পই হেল নদীৰ সমীপত ঘন বনাঞ্চলৰ ভূমি নিষ্কাশন কৰি থকা বুলি জানিব পৰা গৈছে।

বন বিভাগৰ অধীনস্থ অঞ্চলটোত উপযুক্ত পৰিৱেশ অনুজ্ঞা অবিহনে বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে।স্থানীয় বাসিন্দা, পৰিৱেশবিদ, আৰু প্ৰাক্তন পৌৰসভাৰ অধ্যক্ষ সুৰেন্দ্ৰ শৰ্মাই প্ৰকল্পটোৰ স্বচ্ছতা আৰু বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি তীব্ৰ সমালোচনা কৰিছে।

তেওঁলোকে দাবী কৰিছে যে নগৰ পৰিকল্পনা আৰু আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্য কৰা এই পদক্ষেপে সংৰক্ষিত বনাঞ্চল বেদখল কৰি পৰিৱেশৰ যথেষ্ট ক্ষতি কৰিছে।পৰিৱেশ কৰ্মীসকলে এই প্ৰকল্পটো তৎকালীনভাৱে বন্ধ কৰি দিয়াৰ লগতে ইয়াৰ অনুমোদন আৰু পৰিৱেশ প্ৰভাৱ সন্দৰ্ভত সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে। বন বিভাগেও উদ্বেগ প্ৰকাশ কৰি অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে উন্নত সমন্বয়ৰ আহ্বান জনাইছে।

Related News