NORTHEAST NOW (Assamese)

বিত্ত মন্ত্ৰীৰ ঘোষণা : আগষ্টৰ পৰা কৰ্তন কৰা হ’ব ইপিএফৰ বৰঙণি

July 31, 2020 10:12 am · এন ই নাও নিউজ
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে ঘোষণা কৰে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলৰ মাহিলি ইপিএফ বৰঙণি মে,জুন আৰু জুলাই মাহৰ বাবে ২৪শতাংশৰ পৰা ২০শতাংশলৈ হ্ৰাস কৰা হৈছে।

চৰকাৰে মে’ মাহত ধোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনৰ সাহায্য ব্যৱস্থাৰ অংশ হিচাপে এয়া কৰা হৈছে।

নিয়ম অনুসৰি, ইপিএফত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে ২৪শতাংশ জমা কৰিব লাগে।

অৰ্থাৎ বুনিয়াদী দৰমহা আৰু মৰগীয়া বানচৰ ১২শতাংশকৈ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে (ইপিএফঅ’) অৱসৰকালীন সুৰক্ষা পৰিচলনা কৰাৰ বাবে প্ৰতিমাহে ইপিএফ কৰ্তন কৰে।

এই বিধিগত কৰ্তনৰ পৰা মুঠ ৪শতাংশ (কৰ্মচাৰীৰ বৰঙণিৰ পৰা ২শতাংশ আৰু নিয়োগকৰ্তাৰ বৰঙণিৰ ২শতাংশ) হ্ৰাস কৰা হৈছে।

কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বিত্তীয় অস্থিৰতাৰ সময়ত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য ব্যৱস্থাৰেই এয়া এক অংশ।

শ্ৰম মন্ত্ৰ্যালয়ৰ মতে এই পদক্ষেপে ৪.৩ কোটি কৰ্মচাৰী তথা ৬.৫ লাখ প্ৰতিষ্ঠানৰ কৰ্মচাৰী উপকৃত হ’ব।

আনহাতে, শ্ৰম মন্ত্ৰ্যালয়ে লগতে স্পষ্ট কৰি দিছে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে একেদৰে তেওঁলোকৰ বিধিগত ১২ শতাংশ হাৰত বৰঙণিসমূহ জমা কৰিব যাব পাৰে।

Related News