NORTHEAST NOW (Assamese)
দেশ

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই ৫ লাখলৈ বৃদ্ধি কৰিছে স্বয়ংক্ৰিয় নিষ্পত্তিৰ সীমা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 6:46 pm

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO)য়ে তাৰ ৭.৫ কোটি সদস্যৰ বাবে জীৱন সহজ কৰাৰ উদ্দেশ্যে স্বয়ংক্ৰিয়ভাৱে টকা উলিওৱাৰ সীমা (ASAC) ১ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।

এই প্ৰস্তাৱটো শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ সচিব সুমিত্ৰা দৌৱাৰীয়ে ২৮ মাৰ্চত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত কেন্দ্ৰীয় ট্ৰাষ্টী ব’ৰ্ডৰ (CBT) ১১৩ সংখ্যক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অনুমোদন জনাইছে। এই  বৈঠকত ইপিএফঅৰ কেন্দ্ৰীয় ভৱিষ্য নিধি আয়ুক্ত ৰমেশ কৃষ্ণমূৰ্তিও উপস্থিত আছিল।

ভৱিষ্য নিধি টকা উলিওৱাৰ প্ৰক্ৰিয়াটো সহজ আৰু দ্ৰুত কৰা উদ্দেশ্যে এই সংশোধন কৰা হৈছে। যাতে জৰুৰী অৱস্থাত ইপিএফঅৰ সদস্যসকলে অধিক আৰ্থিক সুবিধা লাভ কৰে।