NORTHEAST NOW (Assamese)

আলফা(স্বা)ৰ শিবিৰৰ পৰা পলায়ন কৰা কেডাৰ নিৰুদ্দেশ : ৩ জনৰ আত্মসমৰ্পণ

April 22, 2023 1:10 pm · এন ই নাও নিউজ, গুৱাহাটী

কেইদিন মান আগতে নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা(স্বাধীন)ৰ শিবিৰৰ পৰা পলায়ন কৰিছিল চাৰিগৰাকী কেডাৰে।

নিষিদ্ধ সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰা কেডাৰ চাৰিজন হ’ল ক্ৰমে পলাশ মৰাণ, মণ্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাগছু ভূঞা।

জানিব পৰা মতে ইতিমধ্যে মন্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাগছু ভূঞাই তিনিচুকীয়াত আত্মসমৰ্পণ কৰিছে।

কিন্তু লক্ষ্যনীয় কথাটো হ’ল যে শিবিৰৰ পৰা পলায়ন কৰা আলফা কেডাৰ পলাশ মৰাণ যোৱা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে।

আত্মসমৰ্পণ কৰা আলফা কেডাৰ মণ্টু মৰাণে পলাশ মৰাণৰ ভাতৃক শিবিৰৰ পৰা পলায়ন কৰি হঠাতে নিৰুদ্দেশ হোৱাৰ খবৰ অৱগত কৰিছে।

খবৰ অনুসৰি ২০২১ চনত পলাশ মৰাণে বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল। পলাশ মৰাণ তিনিচুকীয়া জিলাৰ তাৰানি গাঁৱৰ বাসিন্দা। পলাশ মৰাণৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই৷

Related News