NORTHEAST NOW (Assamese)
অসম

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2025 11:20 am

ইউৰোপীয় কমিছনে ট্ৰাম্পৰ ৩০ শতাংশ শুল্ক কাৰ্যকৰী হ’লে ইয়াৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। শনিবাৰে ইউৰোপীয় কমিছনৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনে এই হুংকাৰ প্ৰদান কৰে।

অহা ১ আগষ্টৰ পৰা যদি আমেৰিকাই ইউৰোপীয় সামগ্ৰীৰ ওপৰত ৩০ শতাংশ শুল্ক কাৰ্যকৰী কৰে তেন্তে ইউৰোপীয় ইউনিয়নে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু বুলিও কয় লেয়েনে।

কেইবা সপ্তাহ ধৰি চলি থকা আলোচনাই এক বিস্তৃত বাণিজ্যিক চুক্তিত উপনীত হ’ব নোৱাৰাৰ পাছত শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ মেক্সিকো আৰু ইউৰোপীয় ইউনিয়নৰ পৰা আমদানিৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিব।

অহা ১ আগষ্টৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব বুলি সামাজিক মাধ্যমত এটা পোষ্ট যোগে সদৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইয়াৰ পূৰ্বে চলিত সপ্তাহৰ আৰম্ভণিতে ট্ৰাম্পে জাপান, দক্ষিণ কোৰিয়া, কানাডা, ব্ৰাজিলকে ধৰি কেইবাখনো দেশৰ ওপৰত নতুন শুল্ক ঘোষণা কৰিছিল।

ইউৰোপীয় ইউনিয়নৰ কাৰ্যবাহী শাখাৰ মুৰব্বী ভন ডেৰ লেয়েনে এক বিবৃতিত কয় যে ইউৰোপীয় ইউনিয়নে ১ আগষ্টৰ ভিতৰত চুক্তিৰ দিশত কাম কৰি যাবলৈ সাজু হৈছে। ইউৰোপীয় ইউনিয়নৰ মুকলি আৰু ন্যায্য বাণিজ্যিক পদ্ধতিৰ সৈতে মিল থকা বিশ্বৰ কম অৰ্থনীতিহে কমেই আছে।

আমেৰিকাক হুকাৰ দি তেওঁ কয় যে, “প্ৰয়োজন হ’লে সমানুপাতিক ব্যৱস্থা গ্ৰহণকে ধৰি ইউৰোপীয় ইউনিয়নৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম।”