NORTHEAST NOW (Assamese)

জামিন লাভ কৰিলেও ৮ টা চৰ্ত মানি চলিব লাগিব ৰীয়া চক্ৰৱৰ্তীয়ে : কি কি এই ৮ টা চৰ্ত ?

October 8, 2020 11:39 am · এন ই নাও নিউজ
Updated: October 8, 2020 11:44 am

যোৱা ৯ ছেপ্টম্বৰত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছ সংযোগ তথ্য লাভ কৰাৰ পিছতে বলিউদৰ অভিনেত্ৰী তথা সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীক নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’-এ গ্ৰেপ্তাৰ কৰিছিল।

২৮ দিনৰ অন্তত ৰীয়া চক্ৰৱৰ্তীক ৭ অক্টোবৰত বুম্বে উচ্চ ন্যায়ালয়ে জামিনত মুক্তি দিয়ে।

ৰীয়াই জামিনত মুক্তি লাভ কৰিলেও বুম্বে উচ্চ ন্যায়ালয়ে আৰোপ কৰা ৮ টা চৰ্ত মানি চলিব লাগিব।

এই আঠটা চৰ্ত হৈছে ক্ৰমে-

  • ১ লাখ টকাৰ বণ্ডত ৰীয়া চক্ৰৱৰ্তীয়ে ডাগ্ৰছৰ গোচৰত জামিন লাভ কৰিছে।
  • তদন্তকাৰী সংস্থাক নিজৰ পাছপোৰ্ট জমা দিবলগীয়া হৈছে ৰীয়াই।

 

  • গ্ৰেটাৰ মুম্বাইৰ NDPS আদালতৰ অনুমতি অবিহনে ৰীয়াই দেশৰ বাহিৰলৈ যাব নোৱৰিব।
  • আনকি মুম্বাইৰ বাহিৰলৈ যাবলৈ হ’লেও ৰীয়াই তদন্তকাৰী বিষয়াৰ অনুমতি ল’ব লাগিব।

 

  • জামিনত মুক্তি লাভ কৰাৰ পৰা ১০ দিনলৈকে ৰীয়াই সমীপৰ আৰক্ষীৰ থানাত দুপৰীয়া ১১ বজাৰ পৰা আবেলি ৫ বজাৰ ভিতৰত যিকোনো সময়ত উপস্থিত হৈ চহী কৰিব লাগিব।

 

  • প্ৰথম ছমাহৰ প্ৰতি সোমবাৰে ৰীয়াই পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব।
  • তদন্তৰ স্বাৰ্থত কোনো তথ্য-প্ৰমাণ আৰু নথি ৰীয়াই নষ্ট কৰিব নোৱাৰিব।

 

  • আদালতৰ নিৰ্দেশ পালেই ৰীয়াই আদালত উপস্থিত হ’ব লাগিব। বিনা অনুমতিত অনুপস্থিত থাকিব নোৱাৰিব। অনুপস্থিতিৰ যথাযথ কাৰণ জনাব লাগিব।

Related News