NORTHEAST NOW (Assamese)

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 17, 2025 7:26 pm

দেশৰ নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM)  সন্দৰ্ভত গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আগন্তুক বিহাৰ নিৰ্বাচনৰ পৰা প্ৰথমবাৰৰ বাবে EVM বেলট পেপাৰত প্ৰাৰ্থীৰ ৰঙীণ ফটো আৰু অধিক স্পষ্ট ক্ৰমসংখ্যা প্ৰদৰ্শন কৰা হ’ব। ভোটাৰসকলে যাতে অধিক স্বচ্ছ আৰু সুবিধাজনকভাৱে নিজৰ প্ৰাৰ্থী চিনি পায়, সেই বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আয়োগে মত প্ৰকাশ কৰিছে।

আয়োগৰ নিৰ্দেশনাৰ মূল বিশেষত্বসমূহ হৈছে-

  • নিৰ্বাচনী অধিনিয়ম ১৯৬১ ৰ বিধি ৪৯(খ) অনুসৰি আয়োগে বৰ্তমানৰ ব্যৱস্থাত সংশোধন আনিছে।
  • প্ৰাৰ্থীৰ ফটোত তিনি-চতুৰ্থাংশত মুখ স্পষ্টভাৱে দেখিবলৈ পোৱা যাব।
  • প্ৰাৰ্থী/NOTA ৰ ক্ৰমসংখ্যা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় সংখ্যাত, গাঢ় আকাৰৰ ৩০ ফণ্টত ছপা কৰা হ’ব।
  • সকলো প্ৰাৰ্থীৰ নাম একে ফণ্ট আৰু আকাৰত প্ৰকাশিত হ’ব যাতে সহজে পঢ়িব পৰা যায়।
  • বেলট পেপাৰ ছপা কৰা হ’ব ৭০ GSM কাগজত। বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত গোলাপী ৰঙৰ বিশেষ কাগজ ব্যৱহাৰ কৰা হ’ব।

এই নতুন ব্যৱস্থা প্ৰথমে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰয়োগ কৰা হ’ব। আৰু তাৰ পিছত দেশজুৰি অনুষ্ঠিত হোৱা সকলো নিৰ্বাচনত এই নীতি বলবৎ কৰা হ’ব মত প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। এই পদক্ষেপে ভোটাৰসকলক প্ৰাৰ্থী চিনাক্ত কৰিবলৈ সহায় হোৱাৰ লগতে ভোটদান প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে আয়োগে।

Related News