NORTHEAST NOW (Assamese)

দীৰ্ঘদিনৰ মূৰত চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

October 25, 2020 5:44 pm · কল্পজ্যোতি শইকীয়া
Updated: October 25, 2020 7:06 pm

দীৰ্ঘদিনৰ মূৰত চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

আজি বিয়লি প্ৰায় ৪ বজাত গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা যাবলৈ দিয়া হয় গগৈক।

গগৈক পোনে পোনে দিছপুৰৰ চৰকাৰী বাসভৱনলৈ লৈ অনা হয়।

বৰ্তমান গগৈ সুস্থ যদিও কিছু পৰিমাণে দুৰ্বল বুলি জনাইছে তেওঁৰ এক ঘনিষ্ঠ সূত্ৰই।

তেওঁক ঘৰলৈ অনা হ’ল যদিও GMCH ৰ তিনিগৰাকী চিকিৎসকৰ নিৰীক্ষণত ৰাখিব বুলি সূত্ৰটোৱে জনায়।

অৱশ্যে, বৰ্তমানো খোজ কাঢ়িব পৰা হোৱা নাই গগৈ।

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিব লোৱাৰ সময়ত GMCH ত উপস্থিত লোকে তেওঁক আগুৰি ধৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনা ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ আছিল।

Related News