NORTHEAST NOW (Assamese)

শচীন টেণ্ডুলকাৰক অৱসৰ ল’বলৈ বাধ্য কৰিছিল বিচিচিআইয়ে! ক্ৰিকেট জগতত  চাঞ্চল্য

March 13, 2026 1:18 pm · এন ই নাও নিউজ, গুৱাহাটী

নিজৰ পৰিকল্পনা অনুসৰি নহয়, কিন্তু তেওঁৰ বাবে বিচিচিআইৰ পৰিকল্পনাৰ কথা জানিব পাৰি শচীন টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল! প্ৰায় ডেৰ দশকৰ পিছত শচীনৰ অৱসৰৰ গোপন তথ্য প্ৰকাশ কৰিছে তেতিয়াৰ মুখ্য নিৰ্বাচক সন্দীপ পাটিলে।

তেওঁ কয়, ‘২০১২ চনৰ নাগপুৰ টেষ্টৰ শেষ দিনটো মনত আছে। আমি ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিলো। মই আৰু মোৰ সতীৰ্থ নিৰ্বাচক ৰাজেন্দ্ৰ সিং হন্সে শচীন টেণ্ডুলকাৰক লগ কৰিবলৈ দুৰ্নীতি নিবাৰক শাখাৰ পৰা অনুমতি ল’বলৈ গৈছিলো। আমি মেনেজাৰৰ পৰা অনুমতি লৈ শচীনক লগ পালোঁ। মই তেওঁক সুধিলোঁ, তোমাৰ পৰিকল্পনা কি? মোৰ কথা শুনি তেওঁ আচৰিত হ’ল। আচৰিত হোৱাৰে কথা। তেওঁ সুধিলে, কিয়? মই তেতিয়া ক’লোঁ, দল নিৰ্বাচন সমিতিখনে অনুভৱ কৰে যে তুমি বিকল্প বিচাৰি উলিওৱাটো প্ৰয়োজন। সেই কথা শুনি তেওঁ হতভম্ব হৈ পৰে।’

পাটিলে আৰু কয় যে শচীনে তেওঁৰ সৈতে হোৱা আলোচনাৰ কিছুদিন পিছতে অৱসৰৰ কথা ঘোষণা কৰিছিল। প্ৰাক্তন মুখ্য নিৰ্বাচকগৰাকীৰ মতে, ‘মোৰ সৈতে আলোচনাৰ অন্তত তেওঁ মোক ফোন কৰি সুধিলে, আপুনি সঁচাকৈয়ে কোৱা কামটো কৰাৰ পৰিকল্পনা কৰিছে নেকি? মই ক’লোঁ, হয়। পিছত যেতিয়া তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত ল’লে, তেতিয়াও তেওঁ মোক ফোন কৰি ক’লে, সেন্দী, মই মোৰ অৱসৰৰ কথা ঘোষণা কৰিছো। আমি ইমান কঠিন সিদ্ধান্ত ল’বলগীয়া হোৱাত মই দুঃখিত। কিন্তু চাওক শচীনৰ সলনি কোনে খেলাৰ সুযোগ পায়। অজিংক্য ৰাহানে দলত আহে।’

পাটিলে লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ শেষৰ কেইটামান বছৰত শচীনে বৰ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেইবাবেই নিৰ্বাচকসকলে তেওঁৰ সলনি আন এজন খেলুৱৈক বিচাৰিবলৈ আৰম্ভ কৰে। শচীনৰ বিকল্প হিচাপে জাতীয় দলত সুযোগ পোৱাৰ পাছত ৰাহানেই ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়ায়।

Related News