NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ SP ৰ পাছতে টুইটাৰত মন্ত্ৰী পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, কিন্তু কিয়?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 16, 2021 3:34 pm
ram

নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত সৰৱ হোৱাৰ পাছত এইবাৰ নিজৰ দলৰে মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা।

ৰাজ্যৰ চৰকাৰৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকী।

টুইটাৰযোগে ক্ষোভ উজাৰি ৰমেন ডেকাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক কাৰ্য্যালয়ত অধিক সময় দিবলৈ আহ্বান জনায়।


টুইটাৰত ৰমেন ডেকাই লগতে কয় ‘চন্দ্ৰমোহন পাটোৱাৰী অনুগ্ৰহ কৰি কাৰ্যালয়ত অধিক সময় দিয়ক আৰু এএছটিচিৰ দ্বাৰা পেট্ৰ’ল পাম্পৰ আৱণ্টন আৰু এএছটিচিৰ দ্বাৰা হোৱা অন্যান্য ভুল কামবোৰ পৰীক্ষা কৰক।‘

‘আপোনাৰ আগতীয়া অজ্ঞাতে এইটো কেনেকৈ হ’ব পাৰে। অনুগ্ৰহ কৰি বিষয়টো চাওক।‘ পাটোৱাৰীক আহ্বান জনাই ডেকাই এইদৰে কয়।

উল্লেখযোগ্য যে, নিবিদা গ্ৰহণ নকৰাকৈয়েই অসম ৰাজ্যিক পৰিবহন নিগম লিমিটেড বৰ্ডে ৰাজ্যৰ কেইবাটাও পৰিবহন নিগমৰ বাছ আস্থানত ১৮ টা পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি একাংশ বচা বচা ব্যৱসায়ী আৰু ব্যক্তিৰ নামত পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ বাবে মাটি আবন্টন দিছিল।

ইয়াক লৈয়ে হয়তো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন সাংসদ ৰমেন ডেকা।