NORTHEAST NOW (Assamese)

টীয়ক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মুকুল দত্তৰ মৃত্যু, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

August 1, 2021 7:38 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ,ক্ৰীড়া সংগঠক ,অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ শাৰিৰীক পৰিদৰ্শক, সমাজকৰ্মী মুকুল দত্তৰ নিজা বাসগৃহত মৃত্যু হয় ।

বিশিষ্ট ক্ৰীড়া সংগঠক গৰাকীক ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া টীয়কত এক  ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

টীয়কৰ বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এগৰাকী ক্ৰীড়া সংগঠক হিচাবে প্ৰয়াত দত্তই  আগবঢ়াই যোৱা  অৱদানক আজি বিভিন্ন জনে শ্ৰদ্ধাৰে স্মৰণ কৰে।

Related News