উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জীৰ যুঁজৰ প্ৰশংসা মাণিক সৰকাৰৰ! ৰাজ্যৰ চিপিএমৰ বিপৰীত সুৰ
সাধাৰণ ৰাইজৰ নাগৰিক অধিকাৰ সুৰক্ষাৰ বাবে কৰা যুঁজখনক প্ৰশংসা কৰিছে স্বয়ং ন্যায়াধীশসকলেই। ৰাষ্ট্ৰীয় ৰাজনীতিৰ ভিতৰতে আকৌ এবাৰ চৰ্চালৈ আহিছে পশ্চিমবংগৰ ‘অগ্নিকন্যা’ৰ যুঁজ। পশ্চিমবংগৰ এছ আই আৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ৰাইজৰ হৈ প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ নিজৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিছে। তেওঁ লগতে এই বাৰ্তা দিছে যে যাতে প্ৰকৃত ভোটাৰৰ এটাও নাম এছ আই আৰত বাদ নপৰে তাৰ বাবে তেওঁ আইনী যুঁজত যিকোনো পৰ্যায়লৈ যাবলৈ সাজু ।
কিন্তু বিৰোধীয়ে তৃণমূলৰ মুৰব্বীগৰাকীৰ এই ভূমিকাক ‘নাটক’ বুলি সমালোচনা কৰিছে। এই পৰিস্থিতিত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিএমৰ জ্যেষ্ঠ নেতা মাণিক সৰকাৰক এক বেলেগ ভূমিকাত দেখা গ’ল। পশ্চিমবংগ চিপিএমৰ বিপৰীত সুৰত তেওঁ মমতা বেনাৰ্জীৰ এই পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয়, “শ্ৰীমতী বেনাৰ্জীয়ে দেৰিকৈ হ’লেও ফলপ্ৰসূ পদক্ষেপ লৈছে। ভাল কৰিছে, মই তেওঁক তুচ্ছজ্ঞান কৰিব নোৱাৰো।”
ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ কাম সন্দৰ্ভত দেওবাৰে ত্ৰিপুৰাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰে এক সংবাদমেল অনুষ্ঠিত কৰে। তেওঁ স্পষ্টভাৱে অভিযোগ কৰে যে ‘’এছ আই আৰ সন্দৰ্ভত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া বিহাৰৰ পৰাই আৰম্ভ হৈছে। এতিয়া আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত এই বিষয়টোৱে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।
তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰপেক্ষ নহৈ পছন্দৰ মানুহক লগত লৈ কাম কৰি আছে আৰু বিজেপিক সহায় কৰি আছে। ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত SIRক সন্মুখত ৰাখি মুছলমান, অনুসূচিত জাতি আৰু দৰিদ্ৰ শ্ৰেণীৰ ভোটাৰক লক্ষ্য কৰি লোৱা হৈছে। কাৰণ এই শ্ৰেণীৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে আটাইতকৈ বেছি ক্ষুব্ধ। যাৰ বাবে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱাৰ ষড়যন্ত্ৰ চলি আছে। ইয়াৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিৰোধ গঢ়ি তুলিব লাগিব।
তেওঁ লগতে কয় যে আমাৰ বাবে প্ৰকৃত ভোটাৰ হিন্দু বা মুছলমান, বৌদ্ধ বা খ্ৰীষ্টান, কোনটো দলৰ সেইটো ডাঙৰ কথা নহয়। আমি মাথোঁ চাব লাগিব তেওঁ প্ৰকৃত ভোটাৰ হয় নে নহয়। কাৰোবাৰ নাম বাদ পৰিলে আমি প্ৰতিবাদ কৰিম আৰু প্ৰতিবাদ কৰি যাম।”
ইয়াৰ পিছতে তেওঁৰ মুখত শুনা গ’ল এছ আই আৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কথা। তেওঁ কয়, ‘’ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বিষয়টোত উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ শক্তিশালী স্থিতি তুলি ধৰিছে। তেওঁ ৬, ৭ টা পইণ্টত কথা কৈ আহিছে। তেওঁ মুখ্যমন্ত্ৰী আৰু অধিবক্তাও। যদিও তেওঁ উচ্চতম ন্যায়ালয়ত পশ্চিমবংগৰ লোকৰ হৈ কথা কোৱা বুলি কৈছে, তথাপিও শ্ৰীমতী বেনাৰ্জীয়ে বহু পলম কৰিছে। তেওঁ আৰু অলপ আগতে গ’লে ভাল হ’লহেঁতেন৷ তথাপিও তেওঁ আদালতলৈ গৈ কোৱা কথাটোক মই তুচ্ছজ্ঞান কৰিব নোৱাৰো। বৰঞ্চ মই ক’ম যে ই এক অতি ফলপ্ৰসূ পদক্ষেপ। কাইলৈ (সোমবাৰে) এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কি ৰায় দিব সেয়া আমি চাব লাগিব।”