NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ সংহাৰত ভাৰতৰ দৰেই বিপৰ্যয়ৰ গৰাহত চুবুৰীয়া নেপাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2021 9:41 am
Covid in

কৰ’না মহামাৰীৰ কবলত পৰি ভাৰতৰ দৰেই বিপৰ্যয়ৰ সন্মুখীন হৈছে চুবুৰীয়া দেশ নেপাল। শেহতীয়াকৈ দেশখনে কৰ’না সংকট মোকাবিলাৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ আহ্বান জনাইছে।

দেশখনৰ বৰ্তমান পৰিস্থিতিৰ বাবে তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লি। নেপালত ভাৰততকৈয়ো অধিক বিপৰ্যয়ৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

নেপালত ৰেডক্ৰছৰ মুৰব্বী ড০ নেত্ৰ প্ৰসাদ তিমছিনাই কৈছে যে ভাৰতত বৰ্তমান যি ঘটিছে সেয়া নেপালত হ’বলৈ গৈ আছে। এই কৰ’নাৰ ঢৌ যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেনেহ’লে আৰু অধিক জীৱন হেৰুৱাব লগা হ’ব।

দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ডাঃ সমীৰ অধিকাৰীয়ে কৈছে যে দিনে দিনে পৰিস্থিতিৰ অৱনতি ঘটিবলৈ লৈছে আৰু ভৱিষ্যতে ই নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে।

ইপিনে নেপালত বিগত ২৪ ঘন্টাত নতুনকৈ প্ৰায় ৯হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছে। দৈনিক সংক্ৰমণৰ ফালৰ পৰা দেশখনত এইটো ৰেকৰ্ড। ইয়াৰ পূৰ্বে এই সংখ্যা আছিল ৮হাজাৰ ৬০৫জন।

বৃহস্পতিবাৰে দেশখনত কৰ’না আক্ৰান্ত হৈ ৫৪জন লোকৰ মৃত্যু হৈছে। বুধবাৰেও ৫০জন আক্ৰান্তৰ মৃত্যু হৈছিল।

নেপালৰ কাঠমাণ্ডুকে ধৰি ইয়াৰ উত্তৰ-পশ্চিম তথা পশ্চিমাঞ্চলত সংক্ৰমণ অধিক বৃদ্ধি পাইছে। এই অঞ্চলবোৰত সংক্ৰমণৰ হাৰ হৈছে ৪৭শতাংশ।

দেশখনৰ হাস্পাতালসমূহত ৰোগীৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ভেকচিনৰ সংকটো দেখা দিছে।