NORTHEAST NOW (Assamese)
অসম

কোভিডৰ চিকিৎসাত ব্যৱহৃত ফেবিফ্লু ঔষধৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিলে গ্লেনমাৰ্ক ফাৰ্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 10:13 pm
কোভিডৰ চিকিৎসাত ব্যৱহৃত ফেবিফ্লু ঔষধৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিলে গ্লেনমাৰ্ক ফাৰ্মাই

গ্লেনমাৰ্ক ফাৰ্মাই কোভিড-১৯ৰ ঔষধ ফাভিপিৰাভিৰৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰিছে।

গ্লেনমাৰ্কে ঘোষণা কৰা অনুসৰি এতিয়া প্ৰতিটো ফাভিপিৰাভিৰ টেবলেটৰ মূল্য হ’ব ৭৫ টকা।

ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান গ্লেনমাৰ্ক ফাৰ্মাই সোমবাৰে ভাইৰাছ প্ৰতিৰোধী ঔষধ ফাভিপিৰাভিৰৰ মূল্য ২৭ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কোভিড ৰোগৰ সামান্য লক্ষণ দেখুওৱা ৰোগী সকলক এই ফেবিফ্লু টেবলেটেৰে চিকিৎসা প্ৰদান কৰা হয়।

বিগত মাহত গ্লেনমাৰ্ক ফাৰ্মাই ফেবিফ্লু নামৰ ভাইৰাছ প্ৰতিৰোধী ঔষধ বিধ মুকলি কৰিছিল আৰু প্ৰতিটো টেবলেটৰ মূল্য ১০৩ টকা নিৰ্ধাৰণ কৰিছিল।

‘‘ফেবিফ্লুৰ বৰ্দ্ধিত চাহিদা আৰু আৰু অধিক সংখ্যক লোকৰ ওচৰলৈ এই ঔষধ বিধ লৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰিয়ে ইয়াৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’ ফাৰ্মা কোম্পানী গ্লেনমাৰ্কৰ তৰফৰ পৰা এইদৰে কোৱা হয়।

গ্লেনমাৰ্ক ফাৰ্মাই কোভিড আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগী সকলৰ উপৰিও যিসকলৰ মধ্যমীয়া ধৰণৰ লক্ষণ থাকে সেইসকলৰ বাবেও ফেবিফ্লুৰ ক্লিনিকেল ট্ৰায়েল অব্যাহত ৰাখিছে।