NORTHEAST NOW (Assamese)
অসম

কানোৱাৰ যাত্ৰাত কিয় অনুমতি দিয়া হ’ল? কেন্দ্ৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2021 10:29 am
kev

ক’ৰ’নাতংকই সমগ্ৰ দেশত সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে উত্তৰপ্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যত আশ্চৰ্য ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে।

যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড পৰিস্থিতিৰ সৈতে চৰকাৰে কোনো ধৰণৰ আপোচ নকৰে বুলি ঘোষণা কৰি আহিছে সেই সময়তে ২৫ জুলাইৰ পৰা কিয় কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ল বুলি আদালতে কেন্দ্ৰ আৰু উত্তৰপ্ৰদেশ চৰকাৰক প্ৰশ্ন কৰে।

কাইলৈ উচ্চতম ন্যায়ালয়ত এই বিষয়ে শুনানি গ্ৰহণ কৰা হ’ব বুলিও আদালতে কয়।

উল্লেখ্য্ উত্তৰাখণ্ড চৰকাৰে কোভিড পৰিস্থিতিৰ বাবেই ৰাজ্য খনত কানোৱাৰ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

কিন্তু এই ক্ষেত্ৰত উত্তৰপ্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰাত অনুমতি প্ৰদান কৰিছে।

ন্যায়াধীশ আৰ এফ নাৰিমান আৰু ন্যায়াধীশ বিআৰ গোভাইকলৈ গঠিত খণ্ডপীঠ খনে এই বিষয়ত দুদিনৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰো নিৰ্দেশ দিয়ে।

দেশত কোভিডৰ তৃতীয় ঢৌ আহিব বুলি খোদ প্ৰধানমন্ত্ৰীয়েই বিবৃতি প্ৰকাশ কৰিছে তেনে সময়তে উত্তৰপ্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰাত অনুমতি দিয়াকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।