NORTHEAST NOW (Assamese)
Popular Stories

ইৰাণৰ বন্দৰত ভয়ংকৰ বিস্ফোৰণঃ ৪০০ৰো অধিক লোক আহত, বহুতো লোকৰ মৃত্যুৰ আশংকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2025 5:24 pm

ইৰাণৰ দক্ষিণৰ বান্দাৰ আব্বাছ চহৰত শনিবাৰে এক বৃহৎ বিস্ফোৰণে জোকাৰি যায় আৰু কমেও ৪০৬ জন লোক আহত হয় আৰু কেইবাজনো লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে বুলি চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। স্থানীয় সময় অনুসৰি ৰাতি প্ৰায় ১২:৩০ বজাত বন্দৰৰ ঘাট এলেকাত কণ্টেইনাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ঘটনা। জৰুৰীকালীন দলে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে লৰালৰিকৈ যোৱাৰ সময়তে ঠাইখনৰ পৰা ডাঠ কলা ধোঁৱা আৰু ভেঁকুৰৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখা গৈছিল।

বছৰি ৮ কোটি টন সামগ্ৰী পৰিচালনা কৰা কণ্টেইনাৰ চালানৰ মূল কেন্দ্ৰস্থল বন্দৰটোৰ জুই নিয়ন্ত্ৰণৰ বাবে ইয়াৰ কাৰ্যকলাপ স্থগিত ৰখা হয়। স্থানীয় সংকট ব্যৱস্থাপনাৰ এজন বিষয়াই কয় যে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে যদিও উপস্থিত বৃহৎ সংখ্যক শ্ৰমিকৰ বাবে মৃত্যুৰ সঠিক সংখ্যা স্পষ্ট নহয়। ছচিয়েল মিডিয়াত ভিডিঅত ক্ষতিগ্ৰস্ত অট্টালিকা আৰু লোকে আহতসকলক সহায় কৰা দেখা গৈছে, আনহাতে ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও কিছুমানে অনুমান কৰিছে যে ই বন্দৰৰ তেল আৰু পেট্ৰকেমিকেলৰ সুবিধাৰ সৈতে জড়িত এক দুৰ্ঘটনা হব পাৰে।

উল্লেখ্য যে, ইৰাণে ওমানত আমেৰিকাৰ সৈতে তৃতীয় ৰাউণ্ডৰ পাৰমাণৱিক আলোচনা অনুষ্ঠিত কৰাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত ঘটনা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। তেলৰ সুবিধাসমূহ প্ৰভাৱিত হৈছে নে নাই সেয়া কৰ্তৃপক্ষই নিশ্চিত কৰা নাই যদিও নেশ্যনেল ইৰাণী পেট্ৰলিয়াম ৰিফাইনিং এণ্ড ডিষ্ট্ৰিবিউশ্যন কোম্পানীয়ে কয় যে কাম-কাজ স্বাভাৱিকভাৱে অব্যাহত আছে।