NORTHEAST NOW (Assamese)

লণ্ডণত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন বিদেশ মন্ত্ৰী এছ জয়শংকৰ! ফালি পেলালে ভাৰতৰ জাতীয় পতাকা

March 6, 2025 11:33 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 6, 2025 10:37 am

লণ্ডনত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন হৈছে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ।

অভিযোগ অনুসৰি আৰক্ষীৰ সন্মুখতেই এজন আক্ৰমণকাৰীয়ে ভাৰতৰ পতাকা ফালি পেলায়।

কানাডাৰ লগতে ব্ৰিটেইনতো খালিস্তানী উগ্ৰপন্থীৰ হিংসা যথেষ্ট বৃদ্ধি পোৱাটো আকৌ এবাৰ প্ৰমাণিত হৈছে। ইয়াৰ উপৰিও বিদেশৰ মাটিত ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ নিৰাপত্তা সন্দৰ্ভতো ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

বিশেষজ্ঞ সকলে অনুমান কৰা মতে, এই আক্ৰমণৰ আঁৰত কুখ্যাত খালিস্তানী উগ্ৰপন্থী পাননুন জড়িত থাকিব পাৰে।

উল্লেখ্য যে মঙলবাৰে ব্ৰিটেইনত অৱতৰণ কৰিছিল জয়শংকৰে। তেওঁ তাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে সাক্ষাৎ কৰে।

জানিব পৰা মতে, বুধবাৰে এক আলোচনাত অংশগ্ৰহণ কৰি জয়শংকৰে চাথাম হাউছৰ পৰা ওলাই আহিছিল। সেই সময়ত পথৰ কাষত হালধীয়া পতাকা লৈ এদল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অভিযোগ অনুসৰি, সেই সময়ত জয়শংকৰৰ কনভয়ৰ ঠিক সন্মুখলৈ এজন ‘আক্ৰমণকাৰী দৌৰিছিল। তেওঁ আৰক্ষীৰ সন্মুখতে ভাৰতীয় পতাকা ফালি পেলাইছিল।

প্ৰথমতে আৰক্ষীয়েও এই সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছিল। তাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে ‘আক্ৰমণকাৰীআটক কৰাৰ লগতে  প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠায়।

Related News