NORTHEAST NOW (Assamese)

দুজন প্ৰাপ্তবয়স্কই বিচাৰিলে বিবাহ বহিৰ্ভূত যৌন সম্পৰ্ক অপৰাধ নহয় : ৰাজস্থান উচ্চ ন্যায়ালয়

April 2, 2024 7:03 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 1, 2024 11:12 pm

দুজন প্ৰাপ্তবয়স্কই বিচাৰিলে বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক আইনৰ দৃষ্টিত অপৰাধ নহয়। এটা গোচৰৰ ৰায়দানত এই ঘোষণা কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে।

গোচৰৰ বিৱৰণ অনুসৰি, এগৰাকী স্বামীয়ে অভিযোগ উত্থাপন কৰে যে তেওঁৰ পত্নীক তিনিজন লোকে অপহৰণ কৰিছিল।  কিন্তু পত্নীয়ে দাবী কৰে যে তেওঁক কোনেও অপহৰণ কৰা নাছিল,  উক্ত তিনিজন অভিযুক্তৰ এজনৰ সৈতে লিইভ-ইন ৰিলেচনত আছিল। এই বিষয়ত ৰাজস্থান উচ্চ ন্যায়ালয়ত চলি আছিল গোচৰ।

ন্যায়াধীশ বীৰেন্দ্ৰ কুমাৰে উক্ত গোচৰৰ শুনানিত কয় যে ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰাত এনে সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু ২০১৮ চনত ন্যায়ালয়ে এই ধাৰা বিলোপ কৰে।

উল্লেখ্য যে এই গোচৰত আবেদন কৰা ব্যক্তিজন বৰ্তমান আন এটা গোচৰত জেলত আছে। ফলত তেওঁ আদালতত উপস্থিত থাকিব নোৱাৰিলে। তেওঁৰ হৈ হাজিৰ হোৱা অধিবক্তা অংকিত খাণ্ডেলৱালে আদালতত কয় যে আবেদনকাৰীয়ে কৈছে যে তেওঁৰ পত্নীয়ে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে। তেওঁৰ মতে সামাজিক নীতি ৰক্ষা কৰাটো আদালতৰ কৰ্তব্য কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কক স্বীকৃতি দিয়া নহয়।

কিন্তু সকলো পক্ষৰ প্ৰশ্নোত্তৰৰ পিছত আদালতে লক্ষ্য কৰে যে যদি দুজন প্ৰাপ্তবয়স্কই নিজৰ ইচ্ছামতে এনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে, তেন্তে ইয়াক অপৰাধ বুলি ক’ব নোৱাৰি।

Related News