NORTHEAST NOW (Assamese)

বানত বিধ্বস্ত চীন! : ৩.৮ কোটি লোক ক্ষতিগ্ৰস্ত, ২.২৫ কোটি গৃহহীন, ১৪১ৰো অধিক মৃত্যু

July 13, 2020 5:34 pm · এন ই নাও নিউজ
Updated: July 13, 2020 5:42 pm
ফ'টো সৌজন্য- এএফপি

ক’ৰ’নোত্তৰ চীনত এইবাৰ বানে ধাৰণ কৰিছে সংহাৰী ৰূপ।

প্ৰৱল বৃষ্টিপাতৰ ফলত চীনৰ বিভিন্ন প্ৰান্তত বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে।

এই মুহূৰ্তলৈকে চীনত ১৪১ জনৰো অধিক লোক বানত প্ৰাণ হেৰুৱাইছে।

বানত ক্ষতিগ্ৰস্ত হৈছে ৩ কোটি ৮০ লাখৰো অধিক লোক।

ইফালে মৃতদেহ উদ্ধাৰ নোহোৱা বহুলোকক জিন পিঙৰ প্ৰশাসনে সন্ধানহীন বুলিহে ঘোষণা কৰিছে।

এই সন্ধানহীন হোৱা সৰহ সংখ্যক লোককে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

ফ’টো সৌজন্য- এএফপি

দেশৰ বান পৰিস্থিতি তথা দেশৰ নাগৰিকসকলক বানৰ পৰা সুৰক্ষিত ৰাখিবলৈ চীনৰ ৰাষ্ট্ৰপতি জিন পিঙে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিছে।

ইফালে দেওবাৰে চীনৰ ষ্টেট ফ্লাড কন্ট্ৰল এণ্ড ড্ৰ’ফ্ট ৰিলিফ বিভাগে এক বিবৃতিৰ যোগে জনাইছে যে, ১২ জুলাই পৰ্যন্ত দেশৰ ২৭ খন ৰাজ্যৰ ৩ কোটি ৭৯ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

জিয়াংজি, আনহুই, হুৱেই আৰু য়ুহান আদিত বান পৰিস্থিতি অতি ভয়াৱহ বুলিও কোৱা হৈছে বিবৃতিটোত।

সমগ্ৰ দেশখনত ২ কোটি ২৫ লাখ মানুহ বানৰ ফলত গৃহহীন হৈছে।

আৰু ২৮ হাজাৰ ঘৰ ধ্বংস হৈছে বুলি কোৱা হৈছে বিবৃবিটোত।

উল্লেখ্য যে জুন মাহৰ পৰাই চীনৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হৈ আছে।

ফলত চীনৰ প্ৰায়বোৰ নদী-উপনদীয়েদি বিপদ সীমাৰ ওপৰেৰে পানী বৈ আছে।

Related News