NORTHEAST NOW (Assamese)
অসম

ফেচবুক কৰ্ণাৰ : বিজেপিৰ তথাকথিত জুবিন অনুৰাগীসকলে কাৰ পৰা ন্যায় বিচাৰিছে?

Posted by: অজিত কুমাৰ ভূঞা Updated by: অজিত কুমাৰ ভূঞা October 25, 2025 10:44 am

বিজেপিৰ তথাকথিত জুবিন অনুৰাগীসকলে কাৰ পৰা ন্যায় বিচাৰিছে আৰু কাৰ বিৰুদ্ধে আন্দোলন কৰিছে? আনক ৰাজনীতি কৰা বুলি কৈ অৱশেষত হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াই নিজৰ নিজৰ ৰাজনৈতিক এজেণ্ডাৰ পণ্য সামগ্রীৰূপে জুবিন গাৰ্গক ব্যবহাৰ কৰিবলৈও কুন্ঠাবোধ নকৰিলে। অসমৰ ৰাইজক ইয়াতকৈ অপমান কৰাৰ দৃষ্টান্ত আৰু কি হব পাৰে!

ধৃষ্টতা এনে এটা পৰ্যায় পালেগৈ যে মন্ত্রী জয়ন্ত মল্লই নলবাৰীত ৰেলী কৰা লোকসকলকহে প্রকৃত জুবিন গাৰ্গৰ অনুৰাগী বুলি কবলৈ সাহস কৰিলে। জুবিনৰ ন্যায় প্রদান কৰাৰ কথা কবলৈ গৈ চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ প্রচাৰ কৰাৰ অতি নিৰ্লজ্জ পন্থা গ্রহণ কৰাও দেখা গ’ল।

১৯ চেপ্তেম্বৰৰ পৰা লাখ লাখ অসমীয়া মানুহে যে নোখোৱা – নেমেলাকৈ শ শ কি:মি: বাটকুৰি বাই জুবিন গাৰ্গৰ অন্তিম দৰ্শনৰ কাৰণে ওলাই আহিছিল, তেওঁলোক তাৰ মানে এতিয়া “ভুৱা অনুৰাগী” হৈ গ’ল। ইয়াতকৈ ডাঙৰ অপমান আৰু প্রতাৰণা কি হব পাৰে?

এতিয়া প্রশ্ন হ’ল বিজেপিয়ে কাৰ পৰা ন্যায় বিচাৰিছে? এটা কথা স্পষ্ট যে তদন্ত প্রক্রিয়া সঠিক হ’লেহে ন্যায়ালয়ত সুবিচাৰ পোৱা যাব। বিজেপিয়ে কাক মূৰ্খ সজাইছে ! বিজেপিয়ে যদি ন্যায় বিচাৰি ৰাজপথত নামিছে তেন্তে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শীঘ্রে পদত্যাগ কৰা উচিত।

আৰু এটা কথা। জুবিন গাৰ্গৰ অনুৰাগী হোৱাৰ অধিকাৰো বিজেপিৰ নাই। কাৰণ, বিজেপিৰ সাম্প্রদায়িক ৰাজনীতিকে ধৰি প্রায় প্রতিটো গণবিৰোধী পদক্ষেপকে শিল্পীগৰাকীয়ে স্পষ্ট ভাষাত বিৰোধিতা কৰিছিল। তেওঁ আনকি অসমক বচাবলৈ বিজেপিক আতৰোৱাৰ কথাও কৈছিল। বিজেপিৰ সৎ কৰ্মীসকলৰ লগতে মূখ্যমন্ত্রীৰ অন্ধভক্ত তথা সুবিধাবাদী সকলেও এই কথাবোৰ চিন্তা কৰি চোৱা ভাল।

https://www.facebook.com/share/p/1Skoytkinb