NORTHEAST NOW (Assamese)

একাধিক নতুন ফিচাৰেৰে আত্মপ্ৰকাশ কৰিছে ফেইচবুকৰ নতুন মেচেঞ্জাৰে : কি কি আছে নতুন ফিচাৰ?

October 14, 2020 6:54 pm · এন ই নাও নিউজ

একাধিক নতুন ফিচাৰেৰে আত্মপ্ৰকাশ ঘটিছে ফেইচবুক মেচেঞ্জাৰৰ।

শেহতীয়াকৈ ফেইচবুকে মেচেঞ্জাৰৰ নতুনটো ল’গ’ মুকলি কৰিছে। নীলা আৰু গোলপীয়া ৰঙৰ সমাহাৰেৰে মুকলি কৰা ফেইচবুকৰ এই নতুন মেচেঞ্জাৰটোত নতুন থিম আৰু ফিচাৰো আছে বুলি ফেইচবুকে জনাইছে।

“আচলতে ফেইচবুক মেচেঞ্জাৰ আৰু ইনষ্টাগ্ৰামৰ চাট পদ্ধতিক একেলগে সংযুক্ত কৰাৰ ফলতে মেচেঞ্জাৰৰ এই নতুন ল’গ’টোৰ সৃষ্টি হৈছে।” ফেইচবুকৰ ভাইচ প্ৰচিডেন্ট ষ্টান চাডনোভস্কিয়ে এক বিবৃতিত জৰিয়তে এইদৰে কয়।

ইতিমধ্যে কিছু ফোনত এই নতুন মেচেঞ্জাৰটো উপলব্ধ হৈছে বুলিও জনাইছে ফেইবুকে।

এই নতুন মেচেঞ্জাৰটোত লাভ এণ্ড টাই ডাই নামৰ বিশেষ এক প্ৰেমৰ থিমো আছে বুলি জানিব পৰা গৈছে। লগতে থাকিব চেল্ফী ষ্টীকাৰ। ইয়াৰ লগতে অতি শীঘ্ৰে ভেনিছ মুডো সংযুক্ত কৰা হ’ব ইয়াত।

Snapchat আৰু ইনষ্টাগ্ৰামত উপলব্ধ সকলো সুবিধা ফেইচবুকৰ এই নতুন মেচেঞ্জাৰত পোৱা যাব।

ইপিনে ইনষ্টাগ্ৰামে সম্প্ৰতি দহ বছৰ পূৰ্ণ কৰিছে। দহ বছৰীয়া পূৰ্তি উপলক্ষে ইয়াৰ ইউজাৰসকলৰ বাবে চাৰিটা নতুন ফিচাৰো আনিছে সংস্থাটোৱে।

Related News