NORTHEAST NOW (Assamese)

ফেইচবুক নিৰপেক্ষ হৈ থকা উচিত; মাৰ্ক জুকাৰবাৰ্গলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ পত্ৰ

September 2, 2020 12:37 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ। ফটো: টুইটাৰ

দেশৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ফেইচবুকৰ জেষ্ঠ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সকলক গালি পৰা বুলি অভিযোগ তুলি ফেইচবুকৰ মুখ্য কাৰ্য্যবাহী মাৰ্ক জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰত ফেইচবুক ইণ্ডিয়াৰ কৰ্মচাৰী সকলে এনেধৰণৰ কাম কৰাটো অশোভনীয় বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

উল্লেখযোগ্য যে, মাৰ্ক জুকাৰবাৰ্গক সম্বোধন কৰি লিখা পত্ৰখনত ৰবিশংকৰ প্ৰসাদে ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত ফেইচবুক ইণ্ডিয়াৰ কৰ্মচাৰীয়ে পেইজ ডিলিট কৰাৰ দৰে কামটো লিপ্ত আছিল বুলি অভিযোগ কৰে।

ৰবিশংকৰ প্ৰসাদে ফেইচবুক ইণ্ডিয়াৰ কেইবাগৰাকী জেষ্ঠ বিষয়া বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক আৰু যাৰবাবে তেওঁলোকে প্ৰধান মন্ত্ৰী মোদী আৰু আন কেন্দ্ৰীয় মন্ত্ৰী সকলক আক্ৰমণৰ লক্ষ্য বান্ধি লৈছে।

ফেইবুক সদায় নিৰপেক্ষ হৈ থকা উচিত বুলিও পত্ৰখনত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

Related News