NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিবিৰোধী প’ষ্ট! ফেচবুকে নিলম্বন কৰিলে কেৰেলাৰ এইগৰাকী প্ৰসিদ্ধ কবিৰ ফেচবুক পেজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 3:23 pm
বিজেপিবিৰোধী প’ষ্ট! ফেচবুকে নিলম্বন কৰিলে কেৰেলাৰ এইগৰাকী প্ৰসিদ্ধ কবিৰ ফেচবুক পেজ

প্ৰসিদ্ধ মালয়ালী কবি কে সচ্ছিদানন্দনৰ ফেচবুক পেজটো শুকুৰবাৰে ফেচবুক কৰ্তৃপক্ষই ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি থোৱাৰ ব্যৱস্থা লয়।

কেৰেলা বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত কবিগৰাকীয়ে দলটোৰ ওপৰত ব্যংগাত্মক এটা ভিডিঅ’ প’ষ্ট কৰাৰ বাবেই ফেচবুকে এই ব্যৱস্থা লয়।

ৰাজ্যখনৰ শীৰ্ষ সংবাদমাধ্যম ‘মনোৰমা অনলাইন’ক কবিগৰাকীয়ে জনোৱামতে, অমিত শ্বাহ আৰু বিজেপিৰ কেৰেলা শাখাৰ ওপৰত ব্যংগাত্মক ভিডিঅ’ পষ্ট কৰাৰ বাবে তেওঁৰ ফেচবুক পেজটো বন্ধ কৰা হয়।

ভিডিঅ’টো তেওঁ হোৱাটচাপৰ জৰিয়তে লাভ কৰা বুলি জনায়।

কবিগৰাকীয়ে এন ডি টিভিক জনোৱামতে, ভিডিঅ’টো আচলতে এখন চিনেমাৰ এটা ক্লিপিংছ, য’ত পৰাজীত হোৱাৰ পাছত হিটলাৰে তেওঁৰ সৈনিকসকলক ভাষণ প্ৰদান কৰি আছে।

উক্ত ক্লিপিংছটোত মালয়ালম ধাৰভাষ্য এডিট কৰি দিয়া হৈছে আৰু ধাৰভাষ্যটোৰে অমিত শ্বাহ আৰু এজন জ্যেষ্ঠ বিজেপি নেতাই কেৰেলাত পৰাজয়বৰণ কৰাৰ পাছত দলীয় কৰ্মীসকলক ভাষণ দি থকাক বুজোৱা হৈছে।

”প’ষ্টটো ব্যংগাত্মক আছিল, ই  এটা সমালোচনামূলক কিন্তু কাৰোৰে প্ৰতি অৱমাননাজনক নাছিল।”- কবিগৰাকীয়ে কয়।

”এয়া স্পষ্টভাৱে বাকস্বাধিনতাৰ ওপৰত দমন।”- তেওঁ কয়।

(২৪ ঘণ্টীয়া নিলম্বনৰ পাছত ফেচবুকত কবিগৰাকীৰ বক্তব্য)

”বাৰ বছৰৰ কাব্যচৰ্চা আৰু প্ৰতিবাদক চব্বিশ ঘণ্টীয়া এটা মৌনতাই মচি পেলোৱাটো কঠিন।”- শনিবাৰে কবিগৰাকীয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কবিগৰাকীয়ে কয় যে তেওঁ ল’ব লগা স্থিতি সম্পৰ্কে তেওঁ জানে।.

কবিগৰাকীৰ পেজটো ফেচবুকে এইদৰে নিলম্বন কৰা কাৰ্যক সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।

থাৰুৰে ইয়াক ‘নিন্দাজনক’ আখ্যা দি কয় যে আমাৰ ৰাজনীতিত আমি চেঞ্চৰশ্বিপক অনুমতি দিব নোৱাৰে।

উল্লেখযোগ্য যে নিজস্ব কাব্যপ্ৰতিভাৰে দেশজুৰি সমাদৃত ৭৪ বৰ্ষীয় কে সচ্ছিদানন্দনই ২০১২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।