NORTHEAST NOW (Assamese)
Popular Stories

ChatGPT –ত বনাব পাৰি ভুৱা আধাৰ কাৰ্ড : আচল নে নকল কেনেকৈ চিনাক্ত কৰিব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 4, 2025 6:52 pm

আজিকালি প্ৰযুক্তি ব্যৱহাৰ কৰি সকলোৱে নিজৰ নিজৰ কাম কৰিব পাৰে। অৱশ্যে এই প্ৰযুক্তি প্ৰায়ে বুমেৰাং হৈ পৰিব পাৰে।

আপুনি জানেনে যে AI এ আপোনাৰ ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰে? আপোনাৰ ঘৰৰ ঠিকনা আৰু অন্যান্য তথ্য থকা এনে ভুৱা আধাৰ কাৰ্ডে এক ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে।

শেহতীয়াকৈ এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ চেটজিপিটিক আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ কৈছিল। তাৰ পিছত তাৰ পৰাই মাৰাত্মক পৰিণতি চৰ্চালৈ আহে। ইয়াৰ পৰা ভুৱা আধাৰ কাৰ্ড বনাব পাৰি বুলিও তেওঁ কয়। চাইবাৰ অপৰাধীয়ে ইয়াৰ দ্বাৰা প্ৰৱঞ্চনাৰ জাল ৰচিব পাৰে।

আধাৰ কাৰ্ড হৈছে ১২ এটা অংকৰ সংখ্যা থকা এখন কাৰ্ড। প্ৰতিজন ভাৰতীয়ৰ আধাৰ কাৰ্ড আছে। আধাৰ কাৰ্ড থাকিলেহে চৰকাৰী সা-সুবিধা পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন বেংকিং কাম-কাজতো আধাৰ কাৰ্ড প্ৰয়োজন হয়। কিন্তু এতিয়া সেই আধাৰ কাৰ্ডখন যদি ভুৱা হয় তেন্তে তাৰ পৰা কি পৰিস্থিতিৰ সৃষ্টি হ’ব সেই লৈ সকলোৱে চিন্তিত হৈ পৰিছে।

ভুৱা আধাৰ কাৰ্ড কেনেকৈ চিনাক্ত কৰিব? প্ৰথমে আপুনি দেখিব যে প্ৰকৃত আধাৰ কাৰ্ডৰ ফটোখনতকৈ ভুৱা আধাৰ কাৰ্ডত থকা ফটোখন অলপ ম্লান হৈ থাকিব। ভুৱা আধাৰ কাৰ্ডৰ হিন্দী আৰু ইংৰাজী ফন্ট মূল আধাৰ কাৰ্ডৰ লগত মিল নাথাকিব।

ভুৱা আধাৰ কাৰ্ডত মূল আধাৰ কাৰ্ডৰ কলন, স্লেচ, কমা পোৱা নাযায়। ভুৱা আধাৰ কাৰ্ডৰ QR ক’ড স্কেন কৰিলে দেখিব যে তাতো ইয়াৰ মিল নাথাকে।গতিকে আগতীয়াকৈ সতৰ্ক হওক। তেতিয়াহে প্ৰকৃত আধাৰ কাৰ্ড আৰু ভুৱা আধাৰ কাৰ্ডৰ মাজত পাৰ্থক্য দেখা পাব। কিবা সন্দেহ থাকিলে আধাৰ পৰ্টেল চাব। তেতিয়াহে আচল আৰু ভুৱাৰ পাৰ্থক্য ধৰা পৰিব।