NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ধৰ্ষণৰ অভিযোগত অভিযুক্ত ব্ৰিটেইনৰ কমেডিয়ান-অভিনেতা ৰাছেল ব্ৰেণ্ড : লণ্ডন আৰক্ষীয়ে প্ৰকাশ কৰিলে তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 4, 2025 7:15 pm
ধৰ্ষণৰ অভিযোগত অভিযুক্ত ব্ৰিটেইনৰ কমেডিয়ান-অভিনেতা ৰাছেল ব্ৰেণ্ড : লণ্ডন আৰক্ষীয়ে প্ৰকাশ কৰিলে তথ্য

ব্ৰিটেইনৰ জনপ্ৰিয় কমেডিয়ান অভিনেতা ৰাছেল ব্ৰেণ্ডৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ ভয়ংকৰ অভিযোগ। শুকুৰবাৰে লণ্ডন আৰক্ষীয়ে এই কথা সদৰী কৰিছে।

লণ্ডনৰ মেট্ৰপলিটান আৰক্ষীয়ে কয় যে কমেডিয়ান তথা অভিনেতা ৰাছেল ব্ৰেণ্ডৰ বিৰুদ্ধে ধৰ্ষণ আৰু অন্যান্য কেইবাটাও যৌন অপৰাধৰ অভিযোগ উত্থাপন হৈছে।

ৰিস্ক ৰুটিনৰ সৈতে ষ্টেণ্ড আপ কমেডিয়ান হিচাপে কেৰিয়াৰ গঢ়ি তোলাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পপ ষ্টাৰ কেটি পেৰীৰ প্ৰাক্তন স্বামী হিচাপে পৰিচিত হোৱা ৰাছেল ব্ৰেণ্ডৰ বিৰুদ্ধে ধৰ্ষণ, অশ্লীল আক্ৰমণ, আৰু মৌখিক ধৰ্ষণৰ লগতে যৌন নিৰ্যাতনৰ দুটাকৈ অভিযোগো উত্থাপন হৈছে বুলি জানিবলৈ দিছে লণ্ডন আৰক্ষীয়ে।