NORTHEAST NOW (Assamese)
অসম

আৰক্ষীয়ে উচ্ছেদ কৰিলে জাল নোট ছপা কৰা ঘাটি; আটক এজন, জব্দ বহু পৰিমাণৰ জাল নোট

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ May 14, 2019 9:46 pm
Amit Mazumdar

গোৱালপাৰা চহৰৰ সমীপৱৰ্তী টিলাপাৰা গাঁৱত আৰক্ষীয়ে সোমবাৰে নিশা এক অভিযান চলাই জাল নোট ছপা কৰা ঘাটি উচ্ছেদ কৰে। লগতে আৰক্ষীয়ে অভিযান কালত এই ব্যৱসায়ৰ লগত জড়িত এজন যুককো আটক কৰিবলৈ সক্ষম হয়।

‘এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমি অভিযান চলাই অমিত মজুমদাৰ নামৰ এজন লোকক আটক কৰো। আমি তেওঁৰ ঘৰৰ পৰা জাল নোট ছপোৱা প্ৰিণ্টাৰৰ লগতে কিছু পৰিমাণৰ জাল নোট জব্দ কৰো’। আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰে।

‘জব্দ কৰা সৰহ সংখ্যক জাল নোট দুশ আৰু এশ টকীয়া। ইয়াৰ পৰা জানিব পাৰি যে তেওঁ কম পৰিমাণৰ নোট ছপা কৰে আৰু সেই নোট সমূহ এদিন বা এসপ্তাহৰ ভিতৰত শেষ কৰে’। আৰক্ষীয়ে এই কথা জনায়।

ইফালে এই ঘটনাৰ আঁৰত আৰু কোনো ব্যক্তি জড়িত আছে নেকি তাক লৈ আৰক্ষীয়ে বৰ্তমান আটকাধীন যুৱকজনক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।