NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত জাল নোট, নকল সোণৰ মূৰ্তিসহ তিনিজনক আটক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা September 23, 2020 6:04 pm
Fake currency notes seized in Kaliabor, three arrested

আৰক্ষীয়ে কলিয়াবৰত জালনোটৰ তিনি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন হৈছে লখিমপুৰ বিহপুৰীয়াৰ আতিকুল ইছলাম আৰু কলিয়াবৰৰ ৩নং বৰঘূলীৰ ৰাজিবুল হক আৰু মজিবুৰ ৰহমান।

লোককেইজনৰ পৰা জালনোট, নোট তৈয়াৰ কৰা মেচিনৰ লগতে এটা নকল সোণৰ মূৰ্তি উদ্ধাৰ কৰা হৈছে।

গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান চলাই ৩নং বৰঘূলীৰ পৰা আটক কৰিবলৈ সক্ষম হয় লোক তিনিজনক।

কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ বৰদলৈ, চুলুং আৰক্ষী বিষয়া ধনমণি ৰয় আৰু উলুৱনী আৰক্ষী বিষয়া গৌৰৱ মহন্তৰ সহযোগত আৰক্ষীৰ দলে অভিযানটো চলাইছিল।

আৰক্ষীয়ে ধৃত লোককেইজনক আৰু অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে।

লগতে জালনোট ব্যৱসায়ৰ লগত জড়িত আৰু কেতবোৰ বিষয়ৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।