NORTHEAST NOW (Assamese)
অসম

২০১১ বিশ্বকাপৰ ফাইনেলত মহেন্দ্ৰ সিং ধোনীয়ে ছিক্সাৰ কোবাই ভাৰতক বিজয়ী কৰোৱা বলৰ সন্ধান লাভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 5:49 pm

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ২০১১ বিশ্বকাপৰ ফাইনেলত ছিক্স কোবাই ভাৰতক বিশ্ব চেম্পিয়ন কৰোৱা মহেন্দ্ৰ সিং ধোনীয়ে ছিক্সাৰ কোবোৱা বলটো অলপতে উদ্ধাৰ হৈছে।

মহেন্দ্ৰ সিং ধোনীয়ে ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে মুম্বাই ক্ৰিকেট এচ’ছিয়েশ্যনে উক্ত বলটোৰ সন্ধান আৰম্ভ কৰিছিল ধোনীক সন্মান হিচাপে প্ৰদান কৰাৰ বাবে।

প্ৰাক্তন ভাৰতীয় অধিনায়ক সুনীল গাভাস্কাৰে মুম্বাই ক্ৰিকেট এচ’ছিয়েশ্যনক উক্ত ঐতিহাসিক বলটো এগৰাকী ক্ৰিকেট অনুৰাগীয়ে সুন্দৰকৈ সজাই ৰাখিছে বুলি অৱগত কৰে।

উল্লেখযোগ্য যে, ২০১১ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি  দ্বিতীয় বাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল।

ধোনীৰ পূৰ্বে কপিল দেৱৰ নেতৃত্বত ভাৰতে ইংলেণ্ডৰ মাটিত বিশ্বকাপ জয়ী কৰিছিল।