NORTHEAST NOW (Assamese)

শিক্ষকৰ অপকৰ্ম! তাৰ পিছতেই ভূতৰ ওপৰত দানহ ভুৱা চিকিৎসক !

November 10, 2021 9:27 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত উজান উঠিছে ভুৱা চিকিৎসকৰ। বিগত কিছুদিন ধৰি ৰাজ্যত ধৰা পৰিছে কেইবাজনো ভুৱা চিকিৎসক।

আজি তামুলপুৰত অবৈধ গৰ্ভপাত কৰাৰ অপৰাধত এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীযে গ্ৰেপ্তাৰ কৰা ভুৱা চিকিৎসক গৰাকীৰ নাম মানচুৰ আলী। মনচুৰৰ ঘৰ তামুলপুৰৰ গেৰুৱাত।

মনচুৰ অলিয়ে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ৭ নৱেম্বৰত গৰ্ভপাত কৰাইছিল।

পৰশুৰাম দাস নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে টিউচন কৰিবলৈ গৈ ভয়-ভাবুকিৰে অবৈধ সম্পৰ্ক কৰি ছাত্ৰী গৰাকীক পাঁচ মহীয়া অন্তস্বত্বা কৰিছিল।

গৰ্ভপাত কৰোৱাৰ পিছত ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিক্ষক গৰাকীৰ অপকৰ্মৰ কথা পোহৰলৈ আহে।

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে ৮ নৱেম্বৰত পৰশুৰামক গ্ৰেপ্তাৰ কৰি মঙলবাৰে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

নিৰ্যাতিত পৰিয়ালৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা ভুৱা চিকিৎসক মনচুৰ আলীক তামুলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আজি মনচুৰক আৰক্ষীয়ে বাক্সা জিলা সদৰ মুছলপুৰত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই জেইল হজোতলৈ প্ৰেৰণ কৰে।

Related News