NORTHEAST NOW (Assamese)

চ’চিয়েল মিডিয়াত “চৰকাৰী জাননী”ৰ এই ভয়ংকৰ ভুৱা বাতৰিৰ পৰা বাচি থাকক

April 3, 2020 9:23 pm · কল্পজ্যোতি শইকীয়া
Updated: April 3, 2020 9:43 pm

চ’চিয়েল মিডিয়াত “চৰকাৰী জাননী”ৰ নামত এক ভয়ংকৰ ভুৱা বাতৰি অসমত প্ৰচাৰিত হৈ আছে।

ফেচবুক, হোৱাটছএপ আদিৰ জৰিয়তে বিয়পা এই ভুৱা বাতৰিটো চেয়াৰ কৰিবলৈয়ো আহ্বান জনোৱা হৈছে।

“জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়” নামৰ অস্তিত্বহীন মন্ত্ৰ্যালয়/ বিভাগৰ নামত এই বাতৰি বিয়পাই দিয়া হৈছে।

জাননীৰূপী ভুৱা বাতৰিটোত কোৱা হৈছে যে ৪ এপ্ৰিলৰ পৰা প্ৰতিটো ফোন কল ৰেকৰ্ড কৰা হ’ব, হোৱাটছএপ নিৰীক্ষণ কৰা হ’ব ইত্যাদি।

আৰু এই বাৰ্তাটো বন্ধু-বান্ধৱৰ পৰা পৰিয়ালৰ লোকলৈকে সকলোৰে মাজত চেয়াৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

এইটো এটা ভুৱা বাতৰি আৰু বিষয়টো ইতিমধ্যে অসম আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে।

“জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়” বুলি কোনো মন্ত্ৰ্যালয় বা বিভাগ নাই।

এই সন্দৰ্ভত অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰীক নৰ্থইষ্ট নাও-এ যোগাযোগ কৰাত তেওঁ এয়া ভুৱা প্ৰচাৰ বুলি অভিহিত কৰিছে।

“এয়া অত্যন্ত গৰিহণাযোগ্য কাম। ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব,” অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াক এই কথা অৱগত কৰা বুলি উল্লেখ কৰি চৌধুৰীয়ে কয়।

এক সূত্ৰ মতে অসম আৰক্ষীয়ে ইতিমধ্যে ইয়াৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এই ভুৱা প্ৰচাৰ ফৰৱাৰ্ড বা সম্প্ৰচাৰ নকৰিবলৈ অসম আৰক্ষীয়েও চ’চিয়েল মিডিয়াযোগে ৰাইজক ইতিমধ্যে আহ্বান জনাইছে।

ইফালে লকডাউনৰ মাজতে COVID -19ক লৈ উৰা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

বৰ্তমানলৈ এই সন্দৰ্ভত ৭টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

“আমি নাগৰিকসকলক অনুৰোধ জনাইছো তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড অথবা প্ৰম’ট কৰাৰ পৰা বিৰত থাকে,” অসম আৰক্ষীৰ আহ্বান।

Related News