NORTHEAST NOW (Assamese)

মুন্নাভাই MBBS! সোণাইত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক

October 11, 2025 10:50 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। এইবাৰ আন এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে।

শেহতীয়াকৈ আৰক্ষীয়ে অসমৰ বিভিন্ন স্থানৰ পৰা ১০ জন  ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছে।

শুকুৰবাৰে আৰক্ষীয়ে সোণাইৰ সোণাই-মাটিংগাৰ ৰোডত অৱস্থিত এখন ফাৰ্মাচীৰ পৰা ৰৌশন আলী নামৰ ভুৱা চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰে।

ৰৌশন আলীয়ে সোণাই-মাটিংগাৰ ৰোডত আৰফাজ মেডিকেল হল নামৰ এখন ফাৰ্মাচীত দীৰ্ঘদিনৰ পৰা ৰোগীৰ  চিকিৎসা কৰি আহিছিল।

তদন্তত পোহৰলৈ আহিছে যে ৰৌশন আলীয়ে মধ্যপ্ৰদেশৰ ভোপাল আৰু পাটিয়ালাৰ পৰা লাভ কৰা ভুৱা মেডিকেল ডিগ্ৰী ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে চিকিৎসা কৰি আহিছিল।

শুকুৰবাৰে ফাৰ্মাচীখনত আৰক্ষীৰ অভিযানৰ সময়ত তেওঁৰ এম বি বি এছৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য ডিগ্ৰীৰ নথি-পত্ৰ পৰীক্ষা কৰি তেওঁ ভুৱা চিকিৎসক বুলি নিশ্চিত কৰা হয়।

সোণাইৰ পৰী মেডিকেল আৰু মুন্নী ডায়েগনষ্টিককে ধৰি একাধিক স্থানত ৰোগীৰ চিকিৎসা কৰিছিল ভুৱা চিকিৎসক ৰৌচন আলীয়ে।

Related News