NORTHEAST NOW (Assamese)

দেশত গণতন্ত্ৰ বৰ্তি থকাৰ বাবে মুক্ত হৈ থাকিব লাগিব সংবাদ মাধ্যম: মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

March 23, 2023 3:56 pm · এন ই নাও নিউজ, গুৱাহাটী

এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ মুক্ত হৈ থাকিব লাগিব দেশৰ সংবাদ মাধ্যম। সুস্থ গণতন্ত্ৰত সাংবাদিকতাক সদায় শাসকক কঠিন প্ৰশ্ন কৰা প্ৰতিষ্ঠান হিচাপে আগুৱাবলৈ দিয়া উচিত। যেতিয়াই সংবাদ মাধ্যমৰ এই পথত বাধা দিয়া হয়, তেতিয়াই গণতন্ত্ৰৰ সৈতে আপোচ কৰা হয়। এই মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

বুধবাৰে ১৬ সংখ্যক ৰামনাথ গোৱেংকা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোকপাত কৰে। তেওঁ দায়িত্বশীল সাংবাদিকতাক গণতন্ত্ৰক উন্নত ভৱিষ্যতৰ দিশত আগুৱাই নিয়া ইঞ্জিন বুলি অভিহিত কৰে।

সংবাদ মাধ্যমে পৰিৱেশন কৰা ভুৱা বাতৰিয়ে সমাজৰ সম্প্ৰদায়সমূহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু তেনেকৈয়ে গণতান্ত্ৰিক মূল্যবোধ বিপন্ন কৰিব পাৰে বুলি আঙুলিয়াই দিয়ে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে। তেওঁ কয়, “দায়িত্বশীল সাংবাদিকতাই হৈছে গণতন্ত্ৰক উন্নত ভৱিষ্যতৰ দিশত আগুৱাই নিয়া ইঞ্জিন। ডিজিটেল যুগত সাংবাদিকসকলে নিজৰ প্ৰতিবেদনত সঠিক, নিৰপেক্ষ, দায়িত্বশীল আৰু নিৰ্ভীক হোৱাটো পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।”

জৰুৰীকালীন অৱস্থাৰ কথা সোঁৱৰি চন্দ্ৰচূড়ে কয় যে ১৯৭৫ চনৰ ২৫ জুন আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। এই সময় যথেষ্ট ভয়ংকৰ আছিল যদিও নিৰ্ভীক সময়ে নিৰ্ভীক সাংবাদিকতাৰ জন্ম দিয়ে বুলি মন্তব্য কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ লগতে সত্য আৰু মিথ্যাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি সোঁৱৰাই দিয়ে।

“দেশখন গণতন্ত্ৰ হিচাপে বৰ্তি থাকিবলৈ হ’লে সংবাদ মাধ্যম মুক্ত হৈ থাকিব লাগিব। বাতৰি কাকতসমূহে ঐতিহাসিকভাৱে সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে কাম কৰি আহিছে” বুলি উল্লেখ কৰি তেওঁ লগতে ভুৱা বাতৰিয়ে পথ বা বিপথে পৰিচালিত কৰিব পাৰে বাবে এক ব্যাপক তথ্য পৰীক্ষা ব্যৱস্থা স্থাপন কৰা প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে।

ডি ৱাই চন্দ্ৰচূড়ে লগতে সংবাদ মাধ্যমে অভিযুক্তৰ ওপৰত চলোৱা নিজা বিচাৰৰ কথা উল্লেখ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে। আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পূৰ্বেই সংবাদ মাধ্যমে এজন অভিযুক্তক জনসাধাৰণৰ দৃষ্টিত দোষী সাব্যস্ত কৰাৰ এনে কিছুমান দৃষ্টান্ত আছে বুলি আঙুলিয়াই দি ইয়াৰ ফলত ব্যক্তিগৰাকীৰ জীৱনৰ লগতে আইনী প্ৰক্ৰিয়াৰ ওপৰতো দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে বুলি সকীয়াই দিয়ে।

Related News