NORTHEAST NOW (Assamese)

ভুৱা বাতৰি: ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ

April 4, 2020 11:03 pm · এন ই নাও নিউজ
ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব।

ক’ভিড-১৯ৰ বিৰুদ্ধে গুজৱ আৰু ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছে।

কংগ্ৰেছ নেতা গোপাল ৰয়ে আগৰতলাৰ এন চি চি আৰক্ষী থানাত মুখ্য মন্ত্ৰী দেবৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮২, ৫০৫ (১) (বি)ৰ অধীনত এই এজাহাৰ দাখিল কৰিছে।

অভিযোগ মতে, কৰিমগঞ্জত ১৬ গৰাকী আৰু মণিপুৰত ১৯ গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱা বুলি যোৱা ২ এপ্ৰিলত মুখ্য মন্ত্ৰীগৰাকীয়ে জি বি হস্পিটেলত স্থানীয় সংবাদ মাধ্যমক কৈছিল।

কিন্তু মণিপুৰত এতিয়ালৈকে দুগৰাকী আৰু অসমত ২৫গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

অভিযোগকাৰী ৰয়ে সংবাদ মাধ্যমক কয় যে অসম আৰু মণিপুৰত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটা বুলি দেবৰ অতিৰঞ্জিত বক্তব্যই ত্ৰিপুৰাত আতংকৰ সৃষ্টি কৰিছিল।

ৰয়ে কয় যে মুখ্য মন্ত্ৰীগৰাকীৰ বক্তব্যৰ পিছতে ত্ৰিপুৰাজুৰি এক আতংক বিয়পি পৰে আৰু বিভিন্ন ঠাইৰ পৰা মানুহে তেওঁলৈ ফোন কৰে।

“এইটো সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় আৰু অবাঞ্চিত আৰু লগতে দুৰ্ভাগ্যজনক। এজন মুখ্য মন্ত্ৰীৰ পৰা আমি এনে এক দায়িত্বহীন বক্তব্য আশা নকৰো,” ৰয়ে সাংবাদিকক কয়।

ৰয়ে কয় যে বৰ্তমান পৰিস্থিতি জটিল আৰু এনে সময়ত গুৰুত্বপূৰ্ণ পদবীধাৰী এজনে এইদৰে গুজৱ বিয়পালে সি পৰিস্থিতিত প্ৰভাৱ পেলায়।

Related News